![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/nu.jpg?itok=iyn0mzel)
বেইজিংঃ আদিম মানৱৰ ভাব বিনিময়ৰ মাধ্যম আছিল চিত্ৰ৷ নালন্দা আৰু হৰপ্পাৰ গুহাত আদিম মানৱে অঁকা চিত্ৰই এতিয়াও সকলোকে আকষিত কৰে৷ দুই ব্যক্তিৰ মাজত ভাষা অন্তৰ হৈ পৰিলে যে ছবিৰে ভাব বিনিময় কৰিব পাৰি তাৰ এক সুন্দৰ উদাহৰণ পোহৰলৈ আহিছে৷
ঘটনাটো চীনৰ৷ এখন চিকিৎসালয়ত ভৰ্তি হ’ল এজন বিদেশৰ ৰোগী৷ চিকিৎসকে সকলো পৰীক্ষা কৰি ৰোগীক অপাৰেচন কৰাৰ সিদ্ধান্ত ল’লে৷ সেই বিষয়ে ৰোগীজনক বুজাই দিবলৈ দায়িত্ব পৰিল দায়িত্বৰত নাৰ্ছগৰাকীৰ ওপৰত৷
পিছে তাতেই লাগিল লেঠা৷ নাৰ্ছে নাজানে ইংৰাজী, ইফালে ৰোগীয়ে নাজানে চীনা ভাষা৷ কিন্তু নাৰ্ছগৰাকীয়ে যে ৰোগীক চিকিৎসকৰ কথাখিনি বুজাই দিবই লাগে৷ গতিকে নাৰ্ছগৰাকীয়ে এক অভিনৱ উপায়েৰে কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিলে৷ তলৰ ছবিখন চাই নাৰ্ছগৰাকীয়ে কোৱা কথাখিনি হয়তো আপুনিও বুজি পাইছে৷
আজি ৰাতি ১০ বজাৰ পাছত একো খাদ্য নাখাব, পানী নাখাব৷ কাইলা পুৱা ৮ বজাত আপোনাৰ অপাৰেচন হ’ব৷
কলাসুলভ মনৰ এই নাৰ্ছগৰাকীয়ে খাদ্যভৰ্তি বাটি এটা আঁকি আগত ইংৰাজী ‘No’ শব্দটো লিখি দিছে৷ অৰ্থাৎ ‘নো খানা’৷ একেদৰে এটা পানীকল আঁকি আগত ‘No’ শব্দটো দি পানী খাব নালাগে বুলি বুজাই দিছে৷ পানীকলটোৰ তলত এটুপাল পানী আঁকি দিবলৈও তেওঁ পাহৰা নাই৷
পিছৰ শাৰীত তেওঁ আঁকিছে এখন ছুৰী৷ লগতে এটুপাল তেজ৷ অৰ্থাৎ ৰোগীক অপাৰেচন কৰা হ’ব পুৱা ৮ বজাত৷
ৰোগীক বুজাবলৈ নাৰ্ছগৰাকীয়ে আঁকা এই ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷
অৱশ্যে ছ’চিয়েল মিডিয়াত একাংশই আকৌ ৰগৰ কৰি কৈছে, ছুৰীখনত যি ধৰণেৰে ধাৰ থকা দেখুওৱা হৈছে, যেন ‘কাইলৈ পুৱা ৮ বজাত তোমাক সিপুৰীলৈ পঠিওৱাহে হ’ব!’