Home ৰাজ্যপ্ৰতিবাদকাৰীক ঘোষণা কৰিলে বে-আইনী জনতা ৰূপে, মহিলাক বৰ্বৰ ভাৱে আক্ৰমণ কৰিলে পুৰুষ আৰক্ষীয়ে

প্ৰতিবাদকাৰীক ঘোষণা কৰিলে বে-আইনী জনতা ৰূপে, মহিলাক বৰ্বৰ ভাৱে আক্ৰমণ কৰিলে পুৰুষ আৰক্ষীয়ে

by News Desk
67 views
A+A-
Reset

চিৰাংঃ আপুনি বা আপোনাৰ লাঞ্চিত-বঞ্চিত জনগোষ্ঠীৰ হৈ আপুনি প্ৰতিবাদ কৰিব নোৱাৰিব৷ আপুনি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব নোৱাৰিব৷ এতিয়াৰ পৰা প্ৰতিবাদ কৰাৰ কথা আপুনি পাহৰি যাওক৷ প্ৰতিবাদ কৰিলে আপুনি হৈ পৰিব বে-আইনী জনতা৷ যদি আপুনি বে-আইনী জনতা ঘোষণা হৈছে তেন্তে আপোনাৰ নিস্তাৰ নাই৷ আৰক্ষী-চিআৰপিএফৰ লাঠিৰ কোব আপোনাৰ পিঠিত পৰিবই পৰিব৷ আপুনি মহিলাই হওক নতুবা পুৰুষেই হওক৷ অসম আৰক্ষীয়ে সকলো বৰ্বৰতাৰ সীমা অতিক্ৰম কৰিলে মঙলবাৰে৷

চিৰাং জিলাত মঙলবাৰে সকলো সীমা অতিক্ৰম কৰি আৰক্ষীয়ে পুৰুষক নালাগে মহিলাক নিতম্বত দুয়ো হাতেৰে গাৰ জোৰেৰে দিলে লাঠিৰ কোব৷ যৌথ মঞ্চই আহ্বাই জনোৱা বন্ধক সমৰ্থন কৰি বিটিচিৰ ভূমি নীতিৰ বিৰুদ্ধে চিৰাঙত প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীক এনেদেৰ মাৰ ধৰ কৰে আৰক্ষীয়ে৷ জিলাখনৰ চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিবলৈ অহাৰ সময়তেই লাঠি চালনা, কন্দুৱা গেছ, শূন্যলৈ গুলীচালনা কৰাৰ ফলত কেইবাগৰাকী লোক আহত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0