ডিমাকুছিঃ আজিও উত্তাল হৈ আছে বিটিএডি প্ৰতিটো প্ৰান্ত৷ হাগ্ৰামা নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই ভূমি সন্দৰ্ভত লোৱা এটা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিটিএডিৰ অবড়ো ৰাইজ৷ জাঙুৰ খাই উঠিছে জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি ৫টা ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কোকৰাঝাৰত, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত। বন্ধৰ সময়ছোৱাত ওৰাং আৰু কোকৰাঝাৰত হিংসাত্মক ঘটনা সংঘটিত হয়৷