তিনিচুকীয়াঃ অহা ৪ বছৰত ৰাজ্য চৰকাৰে স্থাপন কৰিবলগীয়া মহাবিদ্যালয় সমূহ দীনদয়াল উপাধ্যায়ৰ নামত কৰিব খোজাত দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই৷
সংগঠনটোৰ নেতাগৰাকীয়ে চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দি অসমৰ জাতীয় জীৱন আৰু বায়ু-পানীৰ লগত সংগতি নথকা লোক এজনৰ নামত মহাবিদ্যালয় স্থাপন কৰা কাৰ্যই প্ৰকৃততে জাতীয় নায়ক উপাধি লাভ কৰা সোণোৱালে দিল্লীৱালাৰ ওচৰত নতশিৰে মূৰ দোৱাঁইছে বুলি কয়৷ অসমৰ জাতীয় জীৱনৰ লগত জড়িত বহুতো পুৰোধা ব্যক্তি আছে যিসকলৰ ত্যাগে বৃহত্তৰ অসমীয়া জাতিক জীপাল কৰি ৰাখিছে৷