লাহোৱালঃ ঐতিহ্যমণ্ডিত মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে শৈক্ষিক সভা অনুষ্ঠিত হয়৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিনোদ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰ লগতে শিক্ষয়িত্ৰী মঞ্জু দত্তৰ এটি গীতেৰে অনুষ্ঠিত হয়।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, মদাৰখাত কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কেশৱ দত্ত, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰতন হাজৰিকা।