98
বিহালীঃ সদৌ অসম ছাত্ৰ সন্থাৰ জিনজিয়া আঞ্চলিক সমিতিয়ে সোমবাৰে অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ জিনজিয়া অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰংগমঞ্চত সংগঠনটোৱে সম্বৰ্ধনা জনায়।
জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি উপমন্যুৰ সভাপতিত্বত অনুষ্ঠিত ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, কিতাপ আৰু গছ পুলিৰে সম্বৰ্ধনা জনায়।