45
ৰঙিয়াঃ যোৱা ২৪ ঘন্টাত ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যেন ভূমিকম্পৰ হে জোকাৰণিৰ সৃষ্টি হৈছে৷ ৰঙিয়াক চক বজাৰত এতিয়া ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সন্দৰ্ভত সৰৱ চৰ্চা৷
কোনোৱে তদন্ত সঠিক হ’ব লাগে বুলি কোৱাৰ বিপৰীতে আন কোনোৱে সিহঁতক জেললৈ পঠিয়াব লাগে বুলি কোৱাকুই আৰম্ভ কৰিছে৷ সকলোৰে যেন ক্ষোভ আছে কাৰ্যালয়টোৰ বিৰুদ্ধে৷ সকলোৱে প্ৰশ্ন কৰিছে, “ধনী লোকক চৰকাৰী ঘৰ দিয়াবোৰ কেতিয়া জেললৈ যাব?”