কমলপুৰ/ৰঙিয়াঃ কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িক তথা সংসদীয় সচিব উত্তৰা কলিতাৰ আজি গুৱাহাটীস্থিত ইণ্টাৰনেশ্যনেল হাস্পতালত মৃত্যু হয়। প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমষ্টিটোৰ লগতে সমগ্ৰ উত্তৰ কামৰূপ অঞ্চলত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে বিগত কেবাবছৰ ধৰি কেবাটাও জটিল ৰোগত আক্ৰান্ত হৈ আছিল নেত্ৰীগৰাকী। ২০০১ চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ হৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।ইয়াৰ পৰৱৰ্তী নিৰ্বাচন অৰ্থাৎ ২০০৬ চনটো দ্বিতীয়বাৰৰ বাবে তেওঁক সমষ্টিবাসীয়ে জয়যুক্ত কৰে প্ৰথমবাৰৰ নিৰ্বাচনত তেওঁ সত্যব্ৰত কলিতাক আৰু দ্বিতীয়বাৰ ভাৰতীয় জনতা দলৰ যাদৱ চন্দ্ৰ ডেকাক হৰুৱাই জয়ী হয়।