ডিজিটেল ডেস্কঃ আমি সাংবাদিকতাৰ স্বাধীনতাক সন্মান কৰো৷ কিন্তু তেওঁলোকে দায়িত্ব সহকাৰে কাম কৰিব লাগিব৷ এই মন্তব্য দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ৷
দ্যা ৱায়াৰৰ সংবাদিক ৰোহিনী সিঙৰ আৱেদনৰ শুনানীৰ কালত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয়, কিছুমান লোকে পদ এটাত বহি সকলো লিখিব পাৰিব নেকি? ইয়াকে সংবাদিকতা বুলি কয়? ময়ো সাংবাদিকতাক সন্মান কৰো, কিন্তু কোনোবাই কেনেকৈ কাৰোবাৰ বিষয়ে যিকোনো কথা কব আৰম্ভ কৰি দিয়ে৷ ইয়াৰ কোনো সীমা থাকে৷