মাৰ্ঘেৰিটাঃ কংগ্ৰেছৰ শাসন কালত স্থাপন কৰা ৰাজ্যৰ বহু অনুষ্ঠান এতিয়া এৰাবাৰীত পৰিণত হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰণ গগৈ আৰু তেতিয়াৰ কংগ্ৰেছী স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য এলেকাত বহু চিকিৎসালয়-শিক্ষানুষ্ঠান স্থাপন কৰিছিল৷ কেৱল চমক সৃষ্টি কৰা মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো এলেকাতে হাবি জংঘলৰ মাজত চিকিৎসালয়-শিক্ষানুষ্ঠান স্থাপন কৰাৰ বাবে ধনৰ আৱন্টন দিছিল৷ অসমৰ বিভিন্ন প্ৰান্তত চূণ-তেল সনা বহু চিকিৎসালয়-শিক্ষানুষ্ঠান থিয় হৈ আছে যদিও অনুষ্ঠান সমূহ তলা ওলমি আছে৷
হাবি-জংঘলে আৱৰি ধৰা চিকিৎসালয়-শিক্ষানুষ্ঠান সমূহৰ দুৱাৰ-খিৰকী সমূহ ক্ৰমে জহি-খহি যাবলৈ ধৰিছে যদিও এতিয়াৰ চৰকাৰ আৰু পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰা নাই৷ চমক সৃষ্টিৰ বাবে আঁচনি ঘোষণা ৰূপায়ন কৰা প্ৰতিখন চৰকাৰে ৰাজকোষত জমা হোৱা ৰাইজে প্ৰদান কৰা ৰাজহৰ ধন অবাবতে অপব্যায় কৰি আহিছে৷