82
গোৰেশ্বৰঃ বাগসা জিলা গোৰেশ্বৰৰ অগ্ৰণী দু:সাহসিক ক্ৰীড়ানুষ্ঠান শিখৰ এডভেন্সাৰ ক্লাৱৰ উদ্যোগত আৰু আজি গুৱাহাটীৰ কামাখ্যাৰ নীলাচল পাহাৰত চলিছে অষ্টম বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰৰ।
গোৰেশ্বৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ মুঠ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটো শিলাময় পাহাৰ বগোৱা বিভিন্ন কলা কৌশলৰ শিকোৱাৰ লগতে দু:সাহসিক ক্ৰীড়াৰ বিভিন্ন দিশৰ ব্যৱহাৰিক আৰু তথ্যগত পাঠ প্ৰদান কৰা হয়।