কোকৰাঝাৰঃ কৰ’না প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ আজি কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কোকৰাঝাৰৰ SAI কমপ্লেক্সত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী পোনে পোনে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সতে মিলিত হৈ কৰ’না প্ৰতিৰোধ প্ৰস্তুতিৰ বুজ লয়।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ আবৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। ইফালে সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে লকডাউন কাৰ্যসূচী সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছে। অসমত বৰ্তমানলৈকে এজনো কৰ’না পজিটিভ নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।