Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

নগাঁওঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাধ্বজত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ মঙলবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় কুৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ বিপৰীতে ঘৰৰ আচবাব, নগদ ধন, দুখন চাইকেলকে ধৰি বহু লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু দৰকাৰী নথি-পত্ৰ জুইত ভস্মীভূত হয়।

জানিব পৰা মতে বৈদ্যুতিক শ্বর্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হয় আৰু তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইয়ে এক ভয়ানক ৰূপ লয়। শুকান বতৰৰ বাবেই খুব কম সময়তে জুই দপদপকৈ জ্বলি উঠে আৰু ই সম্প্ৰসাৰিত হৈ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত কুৰিটাকৈ বাসগৃহ জ্বলি ছাই হৈ যায়৷

আচম্বিতে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে এক হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি কৰাত সেই স্থানত বহুলোক সমবেত হৈ জুই নুমুৱাবলৈ চেষ্টা চলোৱাৰ বিপৰীতে স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ অৱশ্যে পিছত বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷