গুৱাহাটীঃ অৱশেষত কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল অসমো। ইয়াৰ পূৰ্বে যোৰহাট মেডিকেল কলেজ হাস্পতালত এগৰাকী ৪ বছৰীয়া শিশুৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও লাহোৱালৰ আইচিএমআৰত কৰা দ্বিতীয়টো পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ পোৱাত স্বস্তিৰ নিশ্বাস পেলাইছিল ৰাজ্যবাসীয়ে।

কিন্তু মঙলবাৰে সন্ধিয়াৰ ভাগত বজাত অসমো কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাতো নিশ্চিত কৰিছে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি টুইটে। সন্ধিয়া প্ৰায় ৬.৪৫ বজাত কৰা এট টুইটত মন্ত্ৰী হিমন্তই জনাই যে অসমৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰথমটো পজিটিভৰ ঘটনা পোহৰলৈ আহিছে।

NNOৰ কৰিমগঞ্জৰ স্থানীয় সাংবাদিকে জনোৱা মতে শিলচৰ মেডিকেল কলেজত পজিটিভ ধৰা পৰা লোকজনৰ ঘৰ কৰিমগঞ্জ জিলাত। অৱশ্যে এই পৰ্যন্ত লোকজন কেনেকৈ এই ভাইৰাছত আক্ৰান্ত হ’ল সেয়া সবিশেষ জানিব পৰা হোৱা নাই বুলিও তেওঁ সদৰী কৰে।

এক অসমৰ্থিত সূত্ৰই লোকজন কিছুদিন পূৰ্বে দিল্লীৰ পৰা আহি গুৱাহাটীৰ হাতীগাঁৱত উপস্থিত হৈ তাৰ পিছত কৰিমগঞ্জলৈ ৰাওনা হৈছিল বুলি জনাইছে। আন এটা সূত্ৰই লোকজন জাৰ্মানীৰ পৰা ১৮ মাৰ্চত অসমলৈ অহা বুলিও দাবী কৰা দেখা গৈছে। NNOৰ স্থানীয় সাংবাদিকে জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতে বাৰ্তালাপৰ জৰিয়তে এই সম্পৰ্কে সবিশেষ তথ্য জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই কৰা টুইটমতে কৰ’না পজিটিভ ধৰা পৰা লোকজনৰ বয়স ৫২ বছৰ। বৰ্তমান তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বৰ্তমান লোকজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলিও টুইটত জনাইছে মন্ত্ৰীগৰাকীয়ে। 

স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰীক্ষাত পজিটিভ ধৰা পৰাৰ পিছত নমুনা পুনৰ পুণেস্থিত NIV লেবলৈ প্ৰেৰণ কৰা হৈছিল। উক্ত লেবত পজিটিভ পোৱাৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে লোকজন কৰ’নাত আক্ৰান্ত বুলি নিশ্চিত হয়। অৱশ্যে এতিয়াই সবিশেষ জনোৱাৰ পৰা বিৰত আছে সূত্ৰটো।