গুৱাহাটীঃ কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে অসম। মঙলবাৰে এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এক টুইটযোগে এই কথা সদৰী কৰিছে। কৰ’নাত আক্ৰান্ত ৫২ বৰ্ষীয় কৰিমগঞ্জৰ লোকজনৰ দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অনুষ্ঠিত তবলীগ জামাতৰ সৈতে কিছু যোগসূত্ৰ পোৱা গৈছে বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে।

দিল্লীৰ উক্ত মাৰ্কাজত অনুষ্ঠিত তবলীগ জামাতৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ এই ৰোগবিধ বিয়পি পৰাৰ খবৰে এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে। এই জামাতত অসমৰ অতি কমেও ২৫০ গৰাকী লোকে অংশগ্ৰহণ কৰাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চৰকাৰী সূত্ৰয়ো উক্ত বাতৰিৰ সত্যতা একপ্ৰকাৰ স্বীকাৰ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত শিলচৰ মেডিকেল কলেজ হাস্পতালত অসমৰ প্ৰথমটো পজিটিভৰ ঘটনা পোহৰলৈ অহাৰ পিছতে শংকিত হৈ পৰিছে ৰাজ্যবাসী।

কৰ'নাৰ বিৰুদ্ধে যুঁজ দিবলৈ কি প্ৰস্তুতি ৰাজ্য চৰকাৰৰ?

কৰ’নাক লৈ সৰ্বত্ৰে দেখা দিয়া এনে আতংকময় পৰিৱেশৰ মাজতে ৰাজ্যখনত ৰোগবিধক লৈ দেখা দিব পৰা সাম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ একাধিক পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে আদি কৰি প্ৰায়বোৰ হাস্পতালত কৰ’না ৰোগীক চিকিৎসা প্ৰদানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ লগতে সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰা হৈছে ৭০০ ৰো অধিকক লোকক কোৱাৰেণ্টাইন কৰি ৰাখিব পৰা ব্যৱস্থা। 

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে নিজেই এখনৰ পিছত আনখন হাস্পতালত উপস্থিত হৈ বুজ লৈছে প্ৰস্তুতিৰ। লকডাউন পালন সন্দৰ্ভতো গ্ৰহণ কৰিছে কঠোৰ স্থিতি। ১ এপ্ৰিলৰ পৰা লকডাউন কিছু শিথিল কৰি দিয়া হ’ব বুলি একাংশ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বাতৰি প্ৰকাশ পোৱাৰ পোৱাৰ পিছতে আজি সেয়া নস্যাৎ কৰি কোনো কাৰণতে লকডাউনৰ ক্ষেত্ৰত আপোচ কৰা নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

এনেদৰেই কৰ’নাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে নিজকে সাজু কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। আনকি মঙলবাৰে তবলীগ জামাতলৈ অসমৰ পৰা বহুতো লোক যোৱাৰ খবৰ পোৱাৰ পিছতে অতি তৎপৰতাৰে দিল্লীৰ নিজামুদ্দিনৰ মোবাইল টাৱাৰৰ ছিগনেলত ধৰা পৰা অসমৰ ৰ’মিং ফোন নম্বৰৰ তালিকা সংগ্ৰহ কৰি সেই নম্বৰসমূহৰ সৈতে সংশ্লিষ্ট জিলা প্ৰশাসনে যোগাযোগ কৰি লোকসকলক চিনাক্ত কৰিবলৈকো উঠি-পৰি লাগিছে।

আঢ়ৈ কোটি 'হাইড্ৰঅক্সিক্লৰ’কুইন’ যোগাৰ কৰি থৈছে স্বাস্থ্যমন্ত্ৰীয়ে

হাস্পতালসমূহ সাজু কৰি ৰখাৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ আন এক ব্যৱস্থা কৰি ৰখাৰ কথাও অসমবাসীক জনাইছে। সেয়া হৈছে 'হাইড্ৰঅক্সিক্লৰ’কুইন’। দেওবাৰে নিশাৰ ভাগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এগৰাকী চিকিৎসক হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ নেপথ্যৰ কাৰণ হিচাপে এই ঔষধবিধ সেৱন কৰা বুলি চৰ্চা হৈছে যদিও স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে উপযুক্ত মাত্ৰাত ঔষধবিধ সেৱন কৰিলে শৰীৰৰ কোনোধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে DY365 নামৰ ছেটেলাইট চেনেল এটাত দিয়া এক সাক্ষাৎকাৰত কয় যে ঔষধবিধ সেৱনৰ বাবেই ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসকগৰাকী হৃদৰোগত আক্ৰান্ত হোৱা বুলি কোৱা হৈছে যদিও সেয়া নিশ্চিত নহয়। তেওঁ কয় যে অত্যাধিক মাত্ৰাত সেৱন কৰিলে সমস্যাই দেখা দিব পাৰে যদিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এই ঔষধবিধ বহুলভাৱে ব্যৱহৃত হৈ আহিছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্ডিয়ান মেডিকেল কাউঞ্চিল এণ্ড ৰিচাৰ্ছৰ তৰফৰ পৰাও স্বাস্থ্যকৰ্মীসকলক তথা কৰ’নাত আক্ৰান্ত ৰোগীৰ পৰিয়ালৰ সদস্যসকলক চিকিৎসকৰ পৰামৰ্শমতে উপযুক্ত মাত্ৰাত এই ঔষধবিধ সেৱন কৰাত অনুমোদন জনাইছে বুলিও সাক্ষাৎকাৰটোত সদৰী কৰে মন্ত্ৰী শৰ্মাই।

ইয়াৰ লগতে উক্ত সাক্ষাৎকাৰটোত মন্ত্ৰীগৰাকীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্যও কৰে। তেওঁ কয় যে অসমত কৰ’নাক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে অসমবাসীৰ বাবে আঢ়ৈ কোটি 'হাইড্ৰঅক্সিক্লৰ’কুইন’ কিনি মজুত কৰি ৰাখিছে। 'এই ঔষধবিধ ডাক্তৰৰ পৰামৰ্শমতে উপযুক্ত পৰিমাণে খালে কৰ’নাত আক্ৰান্ত হোৱাৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পৰা যাব। আগৰ ৰিপ’ৰ্ট চাই, হেইট, ৱেইট চাই সেইমতে এইটো ডাক্তৰে প্ৰেছক্ৰাইব কৰিব যে কিমান এমজি খাব লাগে। এই ঔষধ কিনিবৰ বাবে ফাৰ্মাচীত ল’ৰা-ঢপৰা কৰাৰ দৰকাৰ নাই। আমি অসমবাসীৰ বাবে এইটো ষ্টক কৰি ৰাখিছো। এটা দুটা নহয়, আঢ়ৈ কোটি মজুত ৰাখিছো।’-মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে, ইণ্টাৰনেট তথা ছ’চিয়েল মিডিয়াৰ জৰিয়তে মেলেৰিয়া ৰোগত ব্যৱহাৰ কৰা হোৱা এই 'হাইড্ৰঅক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধে কৰ’না ভাইৰাছে সৃষ্টি কৰা ক’ভিড-১৯ ৰোগবিধ সৃষ্টিত বাধা প্ৰদান কৰে বুলি জানিব পাৰি লকডাউনৰ আগে আগে বহু লোকে ফাৰ্মাচীত উক্ত ঔষধবিধ বিচাৰি ভিৰ কৰা দেখা গৈছিল। 

ইণ্টাৰনেটত এই ঔষধবিধ চিকিৎসকৰ পৰামৰ্শ অবিহনে খোৱাতো বিপদজনক বুলি স্পষ্টকৈ উল্লেখ থকাৰ পিছতো অধিকাংশ লোকে তালৈ গুৰুত্ব নিদি আগতীয়াকৈ সেয়া সংগ্ৰহ কৰিবলৈ লকডাউনৰ সময়তো বহু লোকে ফাৰ্মাচীলৈ ঢাপলি মেলাও পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ উমান পাইয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত কৈছে যে চৰকাৰে যিহেতু ঔষধবিধৰ সম্পূৰ্ণ ব্যৱস্থা কৰি থৈছে সেয়ে ৰাজ্যবাসীয়ে ইয়াক লৈ লৰাঢপৰা কৰাৰ কোনো প্ৰয়োজন নাই। লগতে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধবিধ সেৱন নকৰিবলৈকো সকীয়াই দিছে মন্ত্ৰীগৰাকীয়ে।