কোকৰাঝাৰঃ চলিত মাহৰ ৮ ফেব্ৰুৱাৰীৰ পৰা চলি থকা চীফ মিনিষ্টাৰ টি-ট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ খেলখন শনিবাৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ আন্তঃবিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখন ২৯নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টি বনাম ২৮নং গোসাইগাওঁ বিধানসভা সমষ্টিৰ মাজত অনুষ্ঠিত হয়৷
বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই উদ্বোধন কৰা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ২৯নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ হৈ খেলখনৰ প্ৰথমাৰ্ধৰ ৩০ মিনিটত অৰ্জুন মাৰ্ডীয়ে প্ৰথমটো গল দিয়ে৷ ইয়াৰ পিছতে ২৮নং গোসাইগাওঁ বিধানসভা সমষ্টি দলৰ হৈ কোনো এজন খেলুৱৈয়ে গলটো পৰিশোধ কৰিবলৈ সক্ষম নোহোৱাত ২৯নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টি দলটোক বিজয়ীৰ সন্মান অৰ্জন কৰে৷