newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।তাৰ লগে লগে ৰাজনীতি হোৱাও পৰিলক্ষিত হৈছে৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছে সদন উত্তাল কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সদনত বিৰোধী দলে ৪০ লাখ লোকক পৰিকল্পিত ভাৱে বাদ পেলোৱা বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে এনআৰচি উন্নীতকৰণত চৰকাৰৰ কোনো হাত নাই বুলি কৈ বিৰোধী দলে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ 

তাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাইজ শান্তি প্ৰিয় বুলি কয়। আনহাতে সমাজত শান্তি ভংগ কৰিব খোজা বোৰাক সকিয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এনআচিৰ বাবে সকলোকে অভিনন্দন জনাইছোঁ। একাংশ লোকে ভুৱা প্ৰচাৰ কৰি শান্তি ভংগ কৰাৰ চেষ্টা কৰিছিল। অসমত সকলো সময়তে শান্তিৰে মানুহে বসবাস কৰে। আমি কোনো লোকক আইন শৃংখলা ভংগ কৰিব নিদিও। তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। 

  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কয় যে অসম শান্তি প্ৰিয় ৰাজ্য। মোৰ বিশ্বাস সমাজৰ সকলো প্ৰকাৰৰ লোকে শান্তি বৰ্তাই ৰাখিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আমি সকলো সময়তে মানি চলিম। মিডিয়া আৰু অসমৰ জনগণে ব্যাপক সমৰ্থন আৰু সহায় কৰিছে। অসমৰ ৰাইজ আৰু মিডিয়াই শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ।