সৰভোগঃ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাক আজি ৰাজ্যজুৰি দল-সংগঠনে স্মৰণ কৰে৷ আজি সৈনিক শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন ঠাইত সাংস্কৃতিক সংগঠনৰ লগতে ৰাজ্য চৰকাৰেও শিল্পীগৰাকীক স্মৰণ কৰে৷ কামৰূপ জিলাৰ ৰঙিয়াত নটাৰাজ নাট্য গোষ্ঠীয়ে নাট্যকাৰগাৰকীৰ মৃত্যুদিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰে৷

নটৰাজ নাট্য গোষ্ঠীয়ে ‘এখন গাঁৱত এটা টিভি আছিল’ নাট মঞ্চস্থ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে শিল্পীগৰাকীক৷ আনহাতে বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত শিল্পীগৰাকীৰ মৃত্যু তিথি পালন কৰা হয়।

সৰভোগত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা স্মাৰক বঁটা শিল্পী দশৰথ দাসক প্ৰদান কৰে৷ বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে ব্ৰজনাথ শৰ্মা কেৱল এজন অভিনেতা বা নাট্যকাৰ নহয় বুলি কৈ তেওঁ এজন দক্ষ খেলুৱৈ, স্বাধীনতা সংগ্ৰামী আৰু সমাজ সচেতক আছিল বুলি মন্তব্য কৰে।

এই বঁটাৰ জৰিয়তে বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে উঠি অহা চামে সাহস পাব বুলি কয়৷ পৃথিৱীত শ্ৰেষ্ঠ হৈ দেখুৱালে হে আমাক পৃথিৱীয়ে অনুসৰণ কৰিব বুলি কয় সোণোৱালে৷ "আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব৷ তেতিয়াহে সফলতা অৰ্জন কৰিব পৰা যাব৷ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাই স্বাধীনতা আন্দোলনকাৰীক উৎসাহ দিছিল৷ আমি এই মহান ব্যক্তিগৰাকীক মনত ৰাখিব লাগিব।"- সোণোৱালে কয়।

গুৱাহাটী মহানগৰীত ৬৫ মহলাৰ এটা ৱৰ্ল্ড ট্ৰেড চেন্টাৰ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গুৱাহাটীৰ সীমা বৃদ্ধি কৰাৰ লগতে অসমৰ মেধা সম্পন্ন সন্তানক অসমত ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি কয়৷ আনহাতে চুবুৰীয়া ৰাষ্ট্ৰৰ বজাৰ দখল কৰিবলৈ হ'লে অসমৰ উৎপাদন বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷

আমি অসমৰ উন্নতিৰ কাৰণে ৰাজ্যৰ ৩.৪০ লাখ জনতাই সহায় কৰিব লাগিব বুলি ৰাইজক উদ্দেশ্যি কয় সোণোৱালে৷ সৈনিক  শিল্পী ব্ৰজনাথ শৰ্মা স্মাৰক বঁটা গ্ৰহণ কৰি শিল্পী দশৰথ দাসে শিল্পী ব্ৰজনাথ শৰ্মা স্মাৰক বঁটা পাই যথেষ্ট সুখী অনুভৱ কৰা বুলি কৈ তেওঁ অসমৰ নাট্য জগতৰ ইতিহাসত সোণালী আখৰৰে ব্ৰজনাথ শৰ্মাৰ নাম সদায় লিখা থাকিব বুলি কয়।

বঁটা প্ৰদান সভাত সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, সাংস্কৃতিক বিভাগৰ আয়ুক্ত, বৰপেটা জিলাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ, নলবাৰী সমষ্টিৰ বিধায়ক আৰু বিলাসীপাৰাৰ বিধায়ক উপস্থিত থাকে৷