সৰভোগঃ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাক আজি ৰাজ্যজুৰি দল-সংগঠনে স্মৰণ কৰে৷ আজি সৈনিক শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন ঠাইত সাংস্কৃতিক সংগঠনৰ লগতে ৰাজ্য চৰকাৰেও শিল্পীগৰাকীক স্মৰণ কৰে৷ কামৰূপ জিলাৰ ৰঙিয়াত নটাৰাজ নাট্য গোষ্ঠীয়ে নাট্যকাৰগাৰকীৰ মৃত্যুদিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰে৷
নটৰাজ নাট্য গোষ্ঠীয়ে ‘এখন গাঁৱত এটা টিভি আছিল’ নাট মঞ্চস্থ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে শিল্পীগৰাকীক৷ আনহাতে বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত শিল্পীগৰাকীৰ মৃত্যু তিথি পালন কৰা হয়।