বোকাজানঃ "অসমত নতুনকৈ ৫ খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব অসমবাসীক কৰ'নাৰ পৰা বীজাণুমুক্ত আৰু স্বাস্থ্যৱান কৰি তোলা৷"-এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী সদৃশ কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে কাৰবি আংলং জিলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ শনিবাৰে জিলাখনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৰ'না ভাইৰাছৰ পৰা ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ পন্থা ব্যৱহাৰ কৰিছে। 

নিৰ্দ্ধাৰিত সময়তকৈ কিছু পলমকৈ বিয়লি প্ৰায় তিনি বজাত হেলিকপ্তাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুস্থিত কাছা খেলপথাৰত অৱতৰণ কৰি পোনে পোনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিফুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ কৰ'না ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত কাৰ্বি আংলং জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয়৷ আলোচনাত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাং, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কেইবাগৰাকী ইএম, এমএচি, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে তেওঁ ডিফু চিকিৎসা মহাবিদ্যালয়ত থকা আইছ'লেছন ৱাৰ্ডো পৰিদৰ্শন কৰে।

আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে কৰ'নাৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰব্যাপী লকডাউনৰ আহ্বানক ৰাইজে গুৰুত্বপূৰ্ণ হিচাপে ল’ব লাগে৷ মাৰাত্মক কৰ'না ভাইৰাছক ৰোধ কৰিবলৈ ৰাইজক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অসমৰ সমূহ জিলাৰ জনসাধাৰণক লক ডাউনৰ সময়ত নিজ ঘৰতে আৱদ্ধ হৈ থকাৰ আহ্বান জনায়৷ এই মাৰাত্মক ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক সচেতন হোৱাৰ লগতে দৃঢ় সংকল্প ল'বলৈকো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

অসমৰ বিভিন্ন জিলাৰ জিলা প্ৰশাসনে ৰাইজৰ বাবে জৰুৰী সেৱা উপলব্ধ কৰি আহিছে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও সদৰী কৰে তেওঁ৷ এনে বিপৰ্যয়ৰ সময়ত ৰাজ্যৰ সাংসদ, মন্ত্ৰী, বিধায়ক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে আগবঢ়োৱা অৱদানৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জনায়৷ ইয়াৰোপৰি কৰ'নাৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ প্ৰতিখন চিকিৎসালয় সাজু কৰি ৰখাৰ লগতে অসমবাসীক কৰ'নাৰ পৰা ৰক্ষা কৰা আৰু জনগণক স্বাস্থ্যৱান কৰি ৰখাৰ উদ্দেশ্যে ৫ খন নতুন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷