শিৱসাগৰঃ শিৱসাগৰ বেতবাৰীত এখন দুৰ্ঘটনাগ্ৰস্ত কয়লা পৰিবাহী ট্ৰেইলাৰে কঢ়িয়াইছে বিপদ। যোৱা ১৫ জানুৱাৰীতে শিৱসাগৰ বেতবাৰীৰ ঘিলাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিছিল অত্যাধিক কয়লা সৰবৰাহ কৰা ডব্লিউ বি ৫৭ এফ ২৪৭৭ নম্বৰৰ এখন ট্ৰেইলাৰ। তিনিচুকীয়া জিলাৰ লিডুৰ পৰা বহিঃৰাজ্যলৈ বুলি অত্যাধিক কয়লা কঢ়িয়াই নি থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় গাড়ীখন।
অভাৰ লোডিং কৰি কয়লা কঢ়িওৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা ট্ৰেইলাৰ আৰু কয়লা বিগত ৩ দিন ধৰি ঘাইপথৰ ওপৰতে পৰি থকাত পথছোৱা অধিক বিপদজনক হৈ পৰিছে। বিশেষকৈ নিশা যিকোনো মুহূৰ্ততে পথৰ এটা অংশ আবদ্ধ কৰি পৰি থকা ট্ৰেইলাৰখনত আন যানবাহন খুন্দা খাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।