দিল্লীঃ ভাৰতৰ জনপ্ৰিয় ইউটিউব চেনেল “টিভিএফ”ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী সঞ্চালক অৰুণাভ কুমাৰৰ বিৰুদ্ধে নাৰীৰ উৎপীড়নৰ অভিযোগ উত্থাপন হৈছে৷ পোনপ্ৰথমবাৰে দেওবাৰে ছ’চিয়েল মিডিয়াত এগৰাকী মহিলাই সঞ্চালকগৰাকীৰ বিৰুদ্ধে উৎপীড়নৰ অভিযোগ ভাইৰেল হৈছিল৷
মহিলাগৰাকীয়ে দাবী কৰে যে মহিলাগৰাকী প্ৰতিষ্ঠানটোৰ প্ৰাক্তন কৰ্মচাৰী৷ এই অভিযোগৰ পিছতে আন দুগৰাকী মহিলাই সঞ্চালকগৰাকীৰ বিৰুদ্ধে উৎপীড়নৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে মহিলাকেইগৰাকীৰ অভিযোগ ভূৱা আখ্যা দিছে প্ৰতিষ্ঠানটোৱে৷ উল্লেখ্য যে টিভিএফ চেনেলটোৱে ইউটিউবযোগে দেশৰ নৱপ্ৰজন্মৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে।