ডিজিটেল ডেস্কঃ সাপৰ বাবে লটিঘটি হ’ব পাৰে খাপলাং কাইৰ। খাপলাং কাই চৰিত্ৰটোৰ বাবে জনপ্ৰিয় হৈ পৰা মনোৰঞ্জন ধৰ্মী চেনেল ৰঙত সম্প্ৰচাৰিত ধাৰাবাহিক ‘ঐ খাপলা’ৰ বিৰুদ্ধে মঙলবাৰে এটি প্ৰকৃতি প্ৰেমী সংগঠনে ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰ’ল ব্যুৰ’ৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত অভিযোগ দাখিল কৰে।
CoRBiE নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটোৱে মঙলবাৰে দাখিল কৰা উক্ত অভিযোগৰ ভিত্তিত বুধবাৰে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৱে বন্যপ্ৰাণী আইনৰ ৯, ৪০(১), ৫৮, ৫৫ ধাৰাৰ অধীনত এটি অভিযোগ পঞ্জীয়ন কৰে। ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ তৰফৰ এই সন্দৰ্ভত চেনেলটোৰ লগতে ধাৰাবাহিকখনৰ পৰিচালকলৈ জাননী প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।