ডিজিটেল ডেস্কঃ সাপৰ বাবে লটিঘটি হ’ব পাৰে খাপলাং কাইৰ। খাপলাং কাই চৰিত্ৰটোৰ বাবে জনপ্ৰিয় হৈ পৰা মনোৰঞ্জন ধৰ্মী চেনেল ৰঙত সম্প্ৰচাৰিত ধাৰাবাহিক 'ঐ খাপলা’ৰ বিৰুদ্ধে মঙলবাৰে এটি প্ৰকৃতি প্ৰেমী সংগঠনে ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰ’ল ব্যুৰ’ৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত অভিযোগ দাখিল কৰে।

CoRBiE নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটোৱে মঙলবাৰে দাখিল কৰা উক্ত অভিযোগৰ ভিত্তিত বুধবাৰে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৱে বন্যপ্ৰাণী আইনৰ ৯, ৪০(১), ৫৮, ৫৫ ধাৰাৰ অধীনত এটি অভিযোগ পঞ্জীয়ন কৰে। ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ তৰফৰ এই সন্দৰ্ভত চেনেলটোৰ লগতে ধাৰাবাহিকখনৰ পৰিচালকলৈ জাননী প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ধাৰাবাহিকখনৰ কেবাটাও দৃশ্যত এডাল জীৱিত মচোৱা গম (Indian Rat Snake) ব্যৱহাৰ কৰা হৈছিল। কিন্তু বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ ২নং অনুসূচী অনুযায়ী বন্যপ্ৰাণীক বন্দী কৰা আৰু ব্যৱসায়িক তথা মনোৰঞ্জনমূলক কামত ব্যৱহাৰ কৰাতো এক দণ্ডনীয় অপৰাধ।

ধাৰাবাহিকখনে এই আইন ভংগ কৰা বুলি জানিব পৰাৰ পিছতে CoRBiEৰ হৈ বিষয়টো ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ দৃষ্টিগোচৰ কৰোৱাৰ লগতে অভিযোগ দাখিল কৰে সাধাৰণ সম্পাদক নৱজিৎ বৰ্মনে। তেওঁ newsnextone.comক জনায় যে হিন্দী চিনেমা, ছিৰিয়েলবোৰেও বৰ্তমান এই আইনক সন্মান প্ৰদৰ্শন কৰি আহিছে। 

'হিন্দী চিনেমা বা ছিৰিয়েলবোৰে এনে দৃশ্যৰ ক্ষেত্ৰত এডিটিঙৰ সহায় লয়। নতুবা বিদেশত শ্বুটিং কৰে য’ত এনে আইন নাই। যিহেতু ভাৰতত এনে বন্যপ্ৰাণীসমূহে প্ৰতিটো মুহূৰ্ততে সংকটৰ সন্মুখীন হৈ আহিছে সেয়ে ব্যনপ্ৰাণী আইনখনক গুৰুত্ব দিয়া উচিত।’- বৰ্মনে কয়। 

তেওঁ আৰু কয়, 'এই আইন অনুযায়ী বন্য প্ৰাণী ধৰিবলৈ চেষ্টা কৰা, বন্দী কৰা আৰু হত্যা কৰিবলৈ চেষ্টা কৰাটোক চিকাৰৰ সমপৰ্যায়ৰ বুলি ধৰা হয়। লগতে বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।’