newsnextone.com | তেজপুৰঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাথিলাংচুত ৮ জুনৰ সন্ধিয়া দুই যুৱ শিল্পী নীলোত্পল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত এদল নৰপিশাচে অতি বৰ্বৰোচিতভাৱে হত্যা কৰা কাণ্ডই সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদৰ জোৱাৰ নমাইছে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ নৰপিশাচে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ প্ৰতিবাদ জনাই ৰাইজে যুৱক দুগৰাকীৰ সদগতি কামনা কৰিছে আৰু দোষীক শাস্তি বিহিবলৈ দাবী জনাইছে৷ সোমবাৰে সন্ধিয়া শোনিতপুৰ জিলা সদৰ তেজপুৰৰ কলা ভুমিৰ সন্মুখত শোনিতপুৰ জিলা কবি সন্মিলন আৰু তেজপুৰীয়া জুবিনিয়ানচৰ লগতে তেজপুৰবাসী ৰাইজে এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ চাকি জ্বলাই দুই যুৱ শিল্পীৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰে৷