হাইলাকান্দিঃ সীমা সমস্যা এক ভয়াবহ সমস্যা ৰূপে দেখা দিছে অসমৰ বাবে৷ প্ৰতিৱেশী ৰাজ্যৰ সৈতে ক্ৰমান্বয়ে সম্পৰ্ক বেয়াৰ দিশে আগবাঢ়িছে অসমৰ জনসাধৰণ আৰু চৰকাৰৰ৷ অসম-নাগালাণ্ড, অসম-অৰুণাচল, অসম-মেঘালয়, অসম-মিজোৰাম সীমান্তত প্ৰতিদিনে উত্তেজনাৰ সৃষ্টি হয়৷ যাৰ ফলত বিভিন্ন ক্ষেত্ৰত ক্ষতি হৈছে ৰাজ্য চাৰিখনৰ৷
ব্যৱসায়, সংস্কৃতিৰ আদান-প্ৰদান, পৰ্যটন দিশৰ উন্নয়নত এই বিবাদে বাধা হৈ থিয় দিছে৷ এই বিবাদ মীমাংসাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা নিৰুৎসাহজনক৷ ইউপিএ আৰু এনডিএ দুয়ো খন কেন্দ্ৰীয় চৰকাৰেই এই বিষয়ত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰা দেখা নাযায়৷