কাজিৰঙাঃ কেইটামান টকাৰ লোভত একো একোটা গঁড়ৰ হত্যা কৰে চোৰাং চিকাৰীয়ে৷ কিন্তু এই খন পৃথিৱীত এনে মানুহ আছে যিয়ে খৰ্গৰ বিক্ৰী পোৱা টকাক লোভ নকৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ২ বন সুৰক্ষা কৰ্মীয়ে এই কথাৰ প্ৰমাণ কৰে৷
যোৱা ৫ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ কাঠপৰা বনশিবিৰ এলেকাত বনকৰ্মীয়ে পহৰা দি থকাৰ অৱস্থাত উদ্ধাৰ কৰে এটা গঁড়ৰ খৰ্গ৷ বনকৰ্মী ইন্দ্ৰ ৰাজপুত আৰু সোণেশ্বৰ সোণোৱালে খৰ্গটো উদ্ধাৰ কৰি কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত জমা দিয়ে৷