গুৱাহাটীঃ/হাইলাকান্দিঃ খাকী পোছাকৰ গুন্দাগিৰি-বৰ্বৰতা নতুন কথা নহয়৷ একাংশ লোকে খাকী পোছাক পৰিধান কৰাৰ পিছত গুৰু গোঁসাই নমনা হৈ পৰে৷ এই কথাৰ উদাহৰণ বিশ্বৰ বিভিন্ন দেশত দেখা গৈছে। ভাৰতৰো বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলত তথা অসমত এনে ঘটনা নিতৌ ঘটিব ধৰিছে।
কিছুদিন পূৰ্বে অসমত হোমিঅ’পেথিক মেডিকেল কলেজৰ ছাত্ৰৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰভাৱে লাঠিৰে প্ৰহাৰ কৰাৰ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছিল৷ আনকি পুৰুষ আৰক্ষীয়ে ছাত্ৰীক লাঠিৰে বৰ্বৰতাৰে প্ৰহাৰ কৰিছিল৷ কিন্তু বিষয়টো বিশেষ চৰ্চালৈ অহা নাছিল। এইবাৰ অসম আৰক্ষীৰ বৰ্বৰতাৰ এনেধৰণৰেই ঘটনাৰ চৰ্চা চুবুৰীয়া ৰাজ্যত ব্যাপক ৰূপত আৰম্ভ হৈছে৷