ডিজিটেল ডেস্কঃ মই প্ৰধানমন্ত্ৰী হোৱা হ’লে নোটবন্দীৰ প্ৰস্তাৱক ডাষ্টবিনলৈ দলিয়াই পেলালোহেঁতেন৷ এই মন্তব্য আগবঢ়াই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷
পাঁচদিনৰ বাবে দক্ষিণ এছিয়া ভ্ৰমণত যোৱা ৰাহুল গান্ধীয়ে শণিবাৰে মালয়েছিয়াৰ কুৱালালমপুৰত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হয়৷ আলোচনাত ৰাহুল গান্ধীক বিমুদ্ৰাকৰণ ব্যৱস্থাটোক বেলেগ প্ৰক্ৰিয়াৰে কেনেকৈ প্ৰয়োগ কৰিব বুলি সোধা প্ৰশ্নত গান্ধীয়ে কয়, ‘মই দেশৰ প্ৰধানমন্ত্ৰী হোৱা হ’লে, যদি কোনোবাই মোক বিমুদ্ৰাকৰণৰ প্ৰস্তাৱ লৈ আবেদন দাখিল কৰিলেহেঁতেন, তেতিয়া তাক গ্ৰহণ কৰাৰ পৰিৱৰ্তে ডাষ্টবিনলৈ দলিয়াই দিলোঁহেতেন৷