গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে বিশ্ব অভিলেখ গঢ়িব খুজিছে বিজেপি চৰকাৰে৷ দেশবাসীক ৰামঠগন দিছে বিজেপিয়ে৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ৷ এক বিবৃতিযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্ৰ-ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক মূল্যবৃদ্ধি সন্দৰ্ভত এনেদৰে উভতি ধৰে৷
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ইমদাদ হুছেইনে স্বাক্ষৰ কৰা এক বিবৃতিযোগে প্ৰতিটো ৰন্ধন গেছৰ মূল্য প্ৰতিদিনে দুটকাকৈ বৃদ্ধি কৰা বুলি অভিযোগ কৰে৷ বিবৃতিযোগে আৰু কয়- আভুৱা ভাৰি চৰকাৰ গঠন কৰা মোদীৰ কাৰ্যকালত অৰ্থাৎ ২০১৬ চনৰ ১ অক্টোবৰত ৫৬৪ টকা মূল্যৰ ৰন্ধন গেছ ২০১৭ চনৰ ১ মাৰ্চত ৮২১ টকা হয়৷ বিগত সময়ছোৱাত প্ৰতিদিনে ১.৭৫ টকাকৈ প্ৰতিটো ৰন্ধন গেছৰ মূল্যবৃদ্ধি হয়৷ বিগত বৰ্ষৰ ১ নৱেম্বৰত ৬০৫ টকা, ১ ডিচেম্বৰত ৬৬২ টকা, ১ জানুৱাৰীত ৬৬৩ টকালৈ বৃদ্ধি কৰাৰ পিছত চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ৭৩২ টকালৈ বৃদ্ধি কৰা হয়৷ ২০১৭ চনৰ এক মাৰ্চত ৮২১ টকালৈ বৃদ্ধি হয় ৰন্ধন গেছৰ মূল্য৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে যদিও ৰাজসাহায্য ১৩৩.৩৮ টকায়ে থাকিল বুলি গুৰুতৰ অভিযোগ আনে কংগ্ৰেছে৷