ডিজিটেল ডেস্কঃ ‘অপৰাধ কৰিলে গুলিয়াই মাৰিম’ বুলি ৰাজহুৱা মঞ্চত হুংকাৰ দিয়া যোগীৰ চৰকাৰ নিন্দাৰ পাত্ৰ হৈছে বিৰোধী দলৰপৰা। নাৰীক সুৰক্ষা দিবলৈ সক্ষমতা নথকাৰ অভিযোগ তোলা কংগ্ৰেছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগৰ দাবী তুলিছে।
যোগীৰ শাসনক ‘ৰাৱণৰাজ’ আখ্যা দি কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সিঙ সুৰজৱালাই কয়- নাৰীক সুৰক্ষা দিয়াক সম্পুৰ্ণ বিফল হৈছে যোগী চৰকাৰ। তেনে কাৰণতেই ১৮ বছৰীয়া ছোৱালীৰ গণধৰ্ষণ হৈছে, পিতৃয়ে ন্যায় বিচাৰি গৈ আৰক্ষীৰ জিম্মাত থাকোতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।