92
ডিজিটেল ডেস্কঃ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰ বাবে উত্তাল হ’ল ৰাজ্যসভা৷ মঙলবাৰে শপত গ্ৰহণৰ পিছত দিয়া ভাষণত দীনদয়াল উপাধ্যায়ক তুলনা কৰিছিল মহামানৱ মহাত্মা গান্ধীৰ সৈতে৷ এই কথাত আজি ক্ষুদ্ধ হৈ পৰিছ কংগ্ৰেছ দলটো৷
আজি ৰাজ্যসভাত এই বিষয়টো উত্থাপন কৰে কংগ্ৰেছৰ নেতা আনন্দ শৰ্মাই৷ উক্ত বিষয়ত তদুপৰি ভাষণত জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ নাম উল্লেখ নকৰা বাবে অসন্তুষ্ট হৈ পৰে বিৰোধী দলটো৷