বটদ্ৰৱাঃ বটদ্ৰৱাত কংগ্ৰেছৰ সভা। সভালৈ আমন্ত্ৰণ জনাইছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পিছে কংগ্ৰেছৰ আমন্ত্ৰণ ৰক্ষা নকৰিলে মোদীয়ে। খালী আসন সন্মুখত ৰাখি সভা অনুষ্ঠিত কৰিলে বটদ্ৰৱা ব্লক কংগ্ৰেছে।

সভাৰ উদ্দেশ্য আছিল সাধাৰণ মানুহৰ বিভিন্ন প্ৰশ্ন, বিশেষকৈ বিমুদ্ৰাকৰণৰ ফলত কেনে ধৰণৰ দুৰ্দশাৰ সন্মুখীন হৈছে, ভাৰতৰ সাধাৰণ জনতা বা লাভৱান হোৱা সকল কোন আদি বিষয়সমূহ উত্থাপন কৰা। এই সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰাকে ধৰি অখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামপাল ৰ্শমা আৰু জিলা পৰ্যায়ৰ বহুকেইজন নেতা।

সভাত প্ৰধানমন্ত্ৰীলৈ মুকলি প্ৰশ্ন কৰি ভাষণত ৰকিবুল হুছেইনে কয় যে বিমুদ্ৰাকৰণে মাত্র ৫০ জন মান উদ্যোগপতিকহে সহায় কৰিলে । তেওঁ আৰু কয় যে সাধাৰণ মানুহৰ সাঁচতীয়া টকা বেংকত জমা দিবলৈ কৈ সেই টকাৰে ঋণ দিলে অনিল আম্বানি, মুকশ আম্বানিৰ দৰে উদ্যোগপতিক।

কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰামপাল ৰ্শমা, গৌতম বৰা আৰু বহু নেতাই বিজেপিৰ শেহতীয়া নীতিক চোকা সমালোচনা কৰে। পিছে দিল্লীত থকা প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভাষণ শুনেনে নুশুনে সেয়া সময়েহে ক'ব।