গুৱাহাটীঃ মৃত্যু জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য৷  কবিয়ে কোৱাৰ দৰে সচাকৈয় মৃত্যু শিল্প হ’ব পাৰেনে? মৃত্যু এনে এক সত্য যিটো সত্যৰ পৰা আমি সদায় পলায়ন কৰিব বিচাৰো৷ মৃত্যুৰ প্ৰতি এই ভয় সহজাত৷ কিন্তু কোনো কোনো মুহূৰ্তত এই মৃত্যুয়েই কাৰোবাৰ বাবে হৈ পৰে আটাইতকৈ সহজ পথ।

এনেকৈয়ে পলায়নৰ চেষ্টাৰ বিপৰীতে যেতিয়া নিজেই মৃত্যুক হাতবাউলি মাতে তেতিয়াই সেয়া হৈ পৰে আত্মহত্যা। সামাজিক ব্যাধি সদৃশ হৈ পৰা এই আত্মহত্যাই স্বাভাৱিকতে প্ৰতিজন সচেতন লোককে উদ্বিগ্ন কৰি তুলিছে৷

স্বাস্থ্য বিভাগৰ এক সমীক্ষা অনুসৰি ভাৰতত প্ৰতি ১৫ মিনিটত এজনকৈ লোকে আত্মহত্যা কৰে৷ তাপৰ্যপূৰ্ণভাৱে আত্মহত্যাৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। সমীক্ষাটোত প্ৰকাশ পোৱা মতে বিগত ৩বছৰত আত্মহত্যাৰ চিকাৰ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় ১৬,০০০৷  

আনহাতে, প্ৰতি ৯০ মিনিটত ১৫-২৯ বছৰ বয়সৰ এজনকৈ লোকে আত্মহত্যা সংঘটিত কৰে। হতাশা, আনৰ মনোযোগ আকৰ্ষণ আৰু প্ৰেমজনিত কাৰণতেই যুৱ-প্ৰজন্মৰ বহুতেই এনেদৰে আত্মহত্যাৰ পথ বাছি লয় ৷ শৈক্ষিক ক্ষেত্ৰৰ অসফলতা আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক চাপো আত্মহত্যাৰ আন এক কাৰণ৷ শেহতীয়াকৈ আই আই টিকে ধৰি আগশাৰীৰ শিক্ষানুষ্ঠানত এনেধৰনৰ ঘটনা সঘনে ঘটা পৰিলক্ষিত হৈছে৷

সমীক্ষাটোত প্ৰকাশ পোৱা মতে দেশৰ ভিতৰত বাংগালুৰুতে আত্মহত্যাৰ হাৰ সকলোতকৈ বেছি৷ অসমতো ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ ঘটনা৷ বিগত ৫বছৰত ৰাজ্যখনত আত্মহত্যা সংঘটিত কৰা লোকৰ সংখ্যা হৈছে ১৪,৯৩৮ জন৷ অসম আৰক্ষীৰ এক তথ্য অনুসৰি ৰাজ্যখনত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত আত্মহত্যাৰ প্ৰৱণতা অধিক হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ অবিনাশ বৰাৰ আত্মহত্যাই আকৌ এবাৰ উদঙালে ইয়াৰ ভয়াৱহতা৷

ছাত্ৰজনে শৈক্ষিক ক্ষেত্ৰৰ অসফলতাই আত্মহত্যাৰ কাৰণ বুলিও ছুইছাইড নোটত উল্লেখ কৰি গৈছে ৷ এক কথাত ক'বলৈ গ'লে এয়া যেন থ্ৰী ইডিয়ট ছবিখনৰ বাস্তৱিক প্ৰতিফলন৷ এনেকৈয়ৈ হয়তো আমাৰ পৰা হেৰাই গৈছে ভৱিষ্যত স্বৰূপ এচাম মানৱ সম্পদ৷