newsnextone.com | মৰিয়নীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নগা ফ্ৰেমৱৰ্ক চুক্তি কৰাৰ পিছৰে পৰা নগা লোকৰ সাহস বৃদ্ধি হৈছে বুলি গুৰতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়কে। সময়ে সময়ে কংগ্ৰেছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক নগা ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও এইবাৰ কংগ্ৰেছৰ বিধায়কে নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষাৰোপ কৰে।
মঙলবাৰে অসম-নগালেণ্ড সীমান্তৰ অসমৰ এগৰাকী চাহ বাগিচাৰ পৰিচালকে দাবী কৰা ধন নিদিয়াৰ বাবেই নগা দুৰ্বৃত্তই গুলিবৰ্ষণ কৰি আক্ৰমণ কৰে যদিও পৰিচালকগৰাকীৰ প্ৰাণ ৰক্ষা পৰে। গুলিবৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলিত উপস্থিত হৈ মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে নগা চুক্তি কৰাৰ পিছৰে পৰা অসম-নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ তাণ্ডৱ বৃদ্ধি হৈছে।