গুৱাহাটীঃ অসমৰ পৰ্যটন বিভাগৰ ল’গোৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছডৰ হিচাপে আদৰি লোৱালৈকে- বিতৰ্কই পিছ নেৰে বিভাগটোক। এইবাৰ বিতৰ্ক হৈছে বলিউডৰ বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ সাজ-পাৰক লৈ।
প্ৰিয়ংকা চোপ্ৰাই অসমৰ পৰ্যটন ক্ষেত্ৰৰ এনে এক গুৰুত্বপুৰ্ণ ভূমিকাত থকাৰ পিছত চুটি পোচাক পৰিধান কৰা হেতুকে অসমৰ ভাৱমূৰ্তি ম্লান হৈছে। এই দাবী কৰিছে অসমৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সৰুপথাৰৰ বিধায়ক ৰোজলীন টিৰ্কেই আৰু বকোৰ বিধায়ক নন্দিতা দাসে।