Home দেশসকলো দোষ কেৱল নেহৰুৰেই! মোদীক কটাক্ষ কৰি সংসদত প্ৰিয়ংকা গান্ধীৰ উদাত্ত ভাষণ

সকলো দোষ কেৱল নেহৰুৰেই! মোদীক কটাক্ষ কৰি সংসদত প্ৰিয়ংকা গান্ধীৰ উদাত্ত ভাষণ

by News Desk
A+A-
Reset
Priyanka_Gandhi_Vadra

নতুন দিল্লীঃ শুকুৰবাৰে সংসদ ভৱনৰ অধিৱেশনত যেন পুনৰাবৃত্তি ঘটিল ইতিহাসৰ। সংসদৰ প্ৰথম ভাষণতে শাসকপক্ষক শানিত ভাষাৰে থকাসৰকা কৰে ৱায়ানাড সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধী বাদ্ৰাই। তেওঁৰ উদাত্ত ভাষণৰ পিছতে এতিয়া কংগ্ৰেছ সমৰ্থকসকলে চৰ্চা চলাইছে- যেন ইতিহাসৰ দাপোনত পুনৰ দৃশ্যায়িত হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী! উল্লেখ্য যে, আইতাক ইন্দিৰা গান্ধী আৰু নাতিনী প্ৰিয়ংকাৰ মাজত দৈহিক সাদৃশ্যক লৈ প্ৰায়ে চৰ্চা চলে যদিও সংসদৰ প্ৰথমটো ভাষণতে আইতাকৰ সৈতে ৰাজনৈতিক সাদৃশ্যও যেন উন্মুক্ত কৰি দিলে প্ৰিয়ংকা গান্ধীয়ে।

সংসদৰ মজিয়াত কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদগৰাকীৰ ভাষণৰ সময়ত শুকুৰবাৰে নিশ্চুপ হৈ পৰা দেখা যায় শাসক-বিৰোধীৰ সকলো সতীৰ্থক। সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত আয়োজিত এক আলোচনাত ভাগ লৈ প্ৰিয়ংকাই আৰম্ভ কৰে সদনৰ তেওঁৰ প্ৰথমটো ভাষণ। ভাষণৰ আৰম্ভণিতে তেওঁ ২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰাপত্তাৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছতে তেওঁ ভাষণত ভাৰতৰ গণতন্ত্ৰ আৰু সংবিধান সন্দৰ্ভত কেইবাটাও গুৰুতৰ বিষয় উত্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0