উত্তৰ-পূবৰ পাঁচ ৰাজ্যত প্ৰাৰ্থিত্ব ঘোষণা

গুৱাহাটীঃ নিৰ্বাচনীলৈ মাথো কেইটামান দিন বাকী৷ এনে সময়তে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে৷ আৰু ইয়াৰ প্ৰভাৱ অসমতো নপৰা নহয়৷ শুকুৰবাৰে ৰাতি কংগ্ৰেছে ঘোষণা কৰিছে অসমৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। 

প্ৰথমখন প্ৰাৰ্থী তালিকাত ৰাজ্য ১৪ টা লোকসভাৰ সমষ্টিৰ ৫ সমষ্টিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ দলে ঘোষণা কৰিছে তালিকা। সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই, কলিয়াবৰৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ, শিলচৰত বৰ্তমানৰ সাংসদ সুস্মিতা দেৱ, ডিব্ৰুগড়ত প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতা পৰ্বন সিং ঘাটোৱাৰ আৰু কৰিমগঞ্জত স্বৰূপ দাস।

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃত্বই শুকুৰবাৰে সন্ধিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ লগত চূড়ান্ত বৈঠকত মিলিত হৈছিল।সেই বৈঠকৰ পাছতে ঘোষণা কৰা হয় প্ৰথমখন প্ৰাৰ্থী তালিকা।

মুঠ ১৪ টা লোকসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব লগা কংগ্ৰেছ দলে বাকী ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা দুই এদিনতে কৰা সম্ভাৱনা আছে। তাৰে ৫ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈ থকা বিপৰীতে ৪ টা সমষ্টি প্ৰাৰ্থীত্বক লৈ এতিয়াও নিশ্চিত হোৱা নাই অসম প্ৰদেশ কংগ্ৰেছ কমিটী।

নগাঁও লোকসভাৰ সমষ্টিৰ বাবে প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈয়ে টিকট লাভ কৰাটো প্ৰায় নিশ্চিত।

ইয়াৰ বাহিৰে উত্তৰ-পূবৰ পাঁচ ৰাজ্যই ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। সেই অনুসৰি অৰুণাচলৰ প্রাক্তন গৃহমন্ত্ৰী জেমছ ৱাংলাটে   প্ৰতিদ্বন্দিতা কৰিব পূব অৰুণাচলৰপৰা। একেদৰে পশ্চিম অৰুণাচলত প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে।

আনহাতে, পশ্চিম ত্ৰিপুৰাত প্ৰদ্যুত দেৱ বৰ্মন আৰু পূব ত্ৰিপুৰাত গোপাল ছন্দ ৰয়ক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়। মেঘালয়ৰ ২ আসনৰ বাবেও ঘোষণা কৰা হৈছে নাম। শ্বিলংৰপৰা বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা আৰু তুৰা সমষ্টিৰপৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ মুকুল চাংমাক দিয়া হৈছে প্ৰাৰ্থিত্ব৷

নাগালেণ্ডত কে এল চিচিক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। তেওঁৰ বিপৰীতে চিকিমত ভাৰত বছনেটক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷