65
নাজিৰাঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা-কৰ্মীৰ সৈতে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে নেতাগৰাকীয়ে৷
কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে আজি শিৱসাগৰৰ নাজিৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নেতাগৰাকীয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷