newsnextone.com | মঙলদৈ/নলবাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
অসমৰ ৰাইজৰ জনমতক সন্মান প্ৰদৰ্শন নকৰাৰ লগতে প্ৰতিবাদক ইতিকিং তুচ্ছ-তাচ্ছিল্য কৰি আহিছে বিজেপিৰ নেতা-কৰ্মীয়ে৷ কোৱা বাহুল্য ১৫ বছৰৰ কংগ্ৰেছৰ শাসন কালতো একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে জনগণে কৰা প্ৰতিবাদক তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ জনমতক সন্মান প্ৰদৰ্শন কৰা নাছিল কংগ্ৰেছেও৷