নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ লালুং গাঁৱত যোৱা ২৩ মাৰ্চত এগৰাকী নাবালিকাক প্ৰথমে ধৰ্ষণ কৰি পিছত গাত কেৰাচিন তেল ঢালি জ্বলাই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে দিনৰ ১২ বজাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ এটি সঁজাতি দলে কৰুণ মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে উপস্থিত হয়।
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা তথা জনপ্ৰিয় নেত্ৰী শিবামণি বৰাই দুৰ্ভগীয়া পৰিয়ালটোক অনুদান দিবলৈ চৰকাৰক দাবী জনায়। লগতে এনে ধৰণৰ অমানবীয় ঘটনা যাতে অঞ্চলটোত পুনৰ ঘটিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰশাসনক দাবী জনায়।