newsnextone.com | ডিজিটেল ডেস্কঃ ইতিহাস আছে বিশ্বৰ বিভিন্ন দেশত ৰজাদিনীয়া গুপ্তধন ধন উদ্ধাৰ হোৱাৰ৷ সোণ, ৰূপ উদ্ধাৰ হোৱাৰ৷ তেনে ইতিহাস ভাৰততো ৰচনা হ’ল৷ কিন্তু ভাৰতত গুপ্তধন ৰূপে ধন উদ্ধাৰ হোৱা নাই৷ ভাৰতত উদ্ধাৰ হৈছে মোগলৰ কালৰ অভূতপূৰ্ব পেইণ্টিং৷ ৰাজধানী দিল্লীৰ হুমায়ুনৰ সমাধিক্ষত্ৰৰ সমীপৰ মোগল স্তম্ভৰ গম্বুজৰ ছাদত এই পেইণ্টিং উদ্ধাৰ হৈছে৷
সপ্তদশ শতিকাৰ মোগল ইতিহাসৰ চিনস্বৰূপ ছাদত বিভিন্ন প্ৰকাৰৰ ৰঙৰ সমাহাৰৰ পেইণ্টিং উদ্ধাৰ হৈছে৷ ট্ৰাষ্ট ফৰ কালচাৰেল এণ্ড আৰ্কিলজিকেল চাৰ্বে অৱ ইণ্ডিয়াই সংৰক্ষক আৰু বিশেষজ্ঞৰ মতে দিল্লীৰ সপ্তদশ শতিকাৰ পেইণ্টিঙ আছিল এয়া৷