গুৱাহাটীঃ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা বন্ধৰ আহ্বানক নেওচি শুকুৰবাৰে উলাহ-মালহৰে ৰাজ্যবাসীয়ে গণ ৰাজ্য দিৱস পালন কৰে৷ ৰাজ্যত বিভিন্ন জিলা সদৰ, মহকুমা সদৰ, ৰাজহ বিষয়াৰ কাৰ্যালয়, বিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত অনুষ্ঠান আদিত গণ ৰাজ্য দিৱস পালন কৰে৷
১৯৪৯ চনৰ ২৬ নৱেম্বৰত আমাৰ দেশৰ সংবিধান গণপৰিষদত গৃহীত হোৱাৰ পাছত আজিৰ দিনটোতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল৷ স্বাধীনতা অৰ্জনৰ পাছত ভাৰত শাসনৰ বাবে প্ৰয়োজনীয় আইনৰ নীতি আৰু ৰূপৰেখা তৈয়াৰ কৰা হয় সংবিধান যোগে৷ সংবিধান গৃহীত কৰি আইনৰ নীতি সমূহ ঘোষণা কৰা হয়৷