গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উৎসাহে উদ্দীপনাৰে গণ ৰাজ্য দিৱস পালন কৰে ৰাইজে৷ উজনি-নামনিৰ লগতে গুৱাহাটী মহানগৰীতো ৰাইজ পুৱাই ওলাই আহি গণ ৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লয়৷ পুৰুষ-মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে ঘৰৰ পৰা ওলাই আহি কাৰ্যসূচীত অংশ লয়৷ উজনি-নামনিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে পতাকা উত্তোলন কৰে৷ গুৱাহাটী মহানগৰীৰ খানাপাৰা খেল পথাৰত ৰাজ্যপাল জগদীশ মুখীয়ে পতাকা উত্তোলন কৰে৷
শুকুৰবাৰে পুৱা ৰাজ্যপাল জগদীশ মুখীয়ে গণ ৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যৰ সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ মহকুমা সদৰ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে অন্যান্য কাৰ্যালয় সমূহে শুকুৰবাৰে গণ ৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছতেই খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।