ডিজিটেল ডেস্কঃ শুকুৰবাৰে সমগ্ৰ দেশে ৬৯ সংখ্যক গণ ৰাজ্য দিৱস পালন কৰিলে৷ ব্যাপক উৎসাহেৰে ঘৰৰ পৰা দেশৰ নাগৰিক ওলাই আহি পালন কৰে গণৰাজ্য দিৱস৷ সমগ্ৰ দেশে ব্যাপক উলাহ মালহেৰে গণৰাজ্য দিৱস পালন কৰে৷ পুৱাই প্ৰধানমন্ত্ৰীয়ে অমৰ শ্বীহদ জোৱানক শ্ৰদ্ধাঞ্জলি যাচে৷ তাৰ পিছতেই গণ ৰাজ্য দিৱসৰ সমাৰোহ থলীত উপস্থিত হয় মোডীয়ে৷
মোডীৰ লগে লগে দেশৰ ৰাজনৈতিক দলৰ নেতাৰে ভৰি সমাৰোহ থলী৷ সমাৰোহত মুখ্য অতিথি হিচাপে আছিয়ান নেতাসকল উপস্থিত থাকে৷ ‘আছিয়ান’ ৰাষ্ট্ৰগোটৰ থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, ম্যানমাৰকে ধৰি দহখন ৰাষ্ট্ৰৰ প্ৰধান উপস্থিত থাকে। গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত অংশ লয় ১০ ৰাষ্ট্ৰৰ প্ৰধানে।