118
ৰঙিয়াঃ এহাল প্ৰেমিক-প্ৰেমিকাক একাংশ যুৱকে নিৰ্যাতন চলোৱাৰ দৃশ্য সম্বলিত এটি ভিডিঅ’ ক্লিপে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে উক্ত ভিডিঅ’ ক্লিপটো ৰঙিয়া মহকুমাৰ নহয় বুলি আজি প্ৰশাসনে স্পষ্ট কৰে৷
কেইজনমান যুৱকে প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাৰ বক্ষত হাত দি নিৰ্যাতন চলোৱা ভিডিঅ’টো ৰঙিয়া মহকুমাৰ বুলি ব্যাপক প্ৰচাৰ হৈছিল যদিও আজি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৱে ৰঙিয়া মহকুমাত তেনে ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰে৷