বিশেষ প্ৰতিবেদনঃ ভাৰতত কৰ’নাৰ সংক্ৰমণৰ গতি লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ইটালী আৰু স্পেইনৰ দৰেকৈ বিস্ফোৰক হৈ পৰা নাই। শনিবাৰে এই আশ্বাসবাণী প্ৰদান কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ হেলথ ইমাৰজেন্সি প্ৰগ্ৰেমৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰায়ানে। কিন্তু ইয়াৰ এদিন পিছতে অৰ্থাৎ দেওবাৰে আক্ৰান্ত দেশসমূহৰ তালিকাত ইটালীক অতিক্ৰমি পঞ্চম স্থান লাভ কৰে ভাৰতে।
এনে পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞগৰাকীৰ আশ্বাসবাণীক লৈ স্বাভাৱিকতে উত্থাপিত হৈছে প্ৰশ্নৰ। অৱশ্যে বিশেষজ্ঞগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছিল যে লকডাউন শিথিল কৰি আনলকৰ পথেৰে অগ্ৰসৰ হোৱা ভাৰতত সতৰ্কতা অবিহনে কৰ’নাৰ সংক্ৰমণৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞগৰাকীৰ এই মন্তব্যৰ আধাৰত ভাৰতৰ মহামাৰী বিশেষজ্ঞসকলেও দৈনিক সংক্ৰমণৰ গতি বৃদ্ধি পোৱাটোক সেই বিস্ফোৰণৰ পূৰ্বাভাস হিচাপে অভিহিত কৰিছে।