নতুন দিল্লী/গুৱাহাটীঃ লকডাউন পৰিকল্পিতভাৱে কৰা হৈছিল নে নাই সেই লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত বাদানুবাদ চলি থকাৰ সময়তে দেশত এটা দিনত সংক্ৰমণ হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ৯০০০ৰ সীমা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৯৯৭১ জন লোক। এতিয়ালৈকে ২৪ ঘণ্টাত হোৱা সংক্ৰমণৰ ক্ষেত্ৰত এয়াই হৈছে সৰ্বাধিক।
নতুনকৈ যোৱা ২৪ ঘণ্টাত এনেদৰে প্ৰায় ১০ হাজাৰ লোক সংক্ৰমিত হোৱাৰ ফলত দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২ লাখ ৪৬ হাজাৰ ৬২৮ জন। দিনে দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত ভাৰতৰ স্থান এতিয়া বিশ্বৰ ভিতৰতে পঞ্চম হৈ পৰিছে। কৰ’না আক্ৰান্ত দেশসমূহৰ তালিকাত আমেৰিকা, ব্ৰাজিল, ৰাছিয়া আৰু গ্ৰেট ব্ৰিটেইনৰ পিছতে আছে ভাৰত।