বিশেষ প্ৰতিবেদনঃ ভাৰতত কৰ’নাৰ সংক্ৰমণৰ গতি লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ইটালী আৰু স্পেইনৰ দৰেকৈ বিস্ফোৰক হৈ পৰা নাই। শনিবাৰে এই আশ্বাসবাণী প্ৰদান কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ হেলথ ইমাৰজেন্সি প্ৰগ্ৰেমৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰায়ানে। কিন্তু ইয়াৰ এদিন পিছতে অৰ্থাৎ দেওবাৰে আক্ৰান্ত দেশসমূহৰ তালিকাত ইটালীক অতিক্ৰমি পঞ্চম স্থান লাভ কৰে ভাৰতে। 

এনে পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞগৰাকীৰ আশ্বাসবাণীক লৈ স্বাভাৱিকতে উত্থাপিত হৈছে প্ৰশ্নৰ। অৱশ্যে বিশেষজ্ঞগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছিল যে লকডাউন শিথিল কৰি আনলকৰ পথেৰে অগ্ৰসৰ হোৱা ভাৰতত সতৰ্কতা অবিহনে কৰ’নাৰ সংক্ৰমণৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞগৰাকীৰ এই মন্তব্যৰ আধাৰত ভাৰতৰ মহামাৰী বিশেষজ্ঞসকলেও দৈনিক সংক্ৰমণৰ গতি বৃদ্ধি পোৱাটোক সেই বিস্ফোৰণৰ পূৰ্বাভাস হিচাপে অভিহিত কৰিছে।

উল্লেখ্য যে শনিবাৰে ভাৰতত ২৪ ঘণ্টাত সংক্ৰমণ হোৱা লোকৰ সংখ্যা আছিল ৯,৮৮৭ জন। বেচৰকাৰী তথ্য মতে এই সংখ্যা ১০ হাজাৰৰো অধিক। এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে ২৯৪জনকৈ লোকৰ। ইয়াৰ পিছতে দেওবাৰে ২৪ ঘণ্টাত আক্ৰান্ত হয় ৯৯৭১ জন লোক। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী ভাৰতত মুঠ কৰ’নাক্ৰান্ত লোকৰ সংখ্যা হৈছে ২ লাখ ৪৬ হাজাৰ ৬২৮ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৬৯২৯ জন।

এনে এক সময়তে আশ্বাস হিচাপে বিশ্ব স্বাস্থ্য সংস্থাৰ হেলথ ইমাৰজেন্সি প্ৰগ্ৰেমৰ কাৰ্যবাহী সঞ্চালকগৰাকীয়ে দাবী কৰে যে ইটালী, স্পেইন, জাৰ্মানী, ব্ৰিটেইনৰ দৰে দেশসমূহত যিদৰে লকডাউনৰ কেইসপ্তাহমানৰ ভিতৰতে কৰ’নাৰ সংক্ৰমণে শিখৰ পাইছিল, ভাৰতত লকডাউনৰ ৯০ দিন পিছতো সেয়া দেখা পোৱা হোৱা নাই। ভাৰতত আক্ৰান্তৰ সংখ্যা দ্বিগুণ হ’বলৈকো বাকী দেশৰ তুলনাত বেছি সময়ৰ প্ৰয়োজন হৈছে বুলিও তেওঁ মন্তব্য কৰে।

'ভাৰতত এতিয়াও কৰ’নাৰ সংক্ৰমণৰ বিস্ফোৰণ হোৱা নাই। কিন্তু দেশখনে এতিয়া লকডাউন প্ৰত্যাহাৰ কৰিবলৈ ওলাইছে। ফলত বিস্ফোৰণ হোৱাৰ আংশকা বৃদ্ধি পাইছে। ভাৰতত চহৰ আৰু গ্ৰামাঞ্চলত সংক্ৰমণৰ হাৰ ভিন্ন। আনলক হোৱাৰ ফলত পুনৰ যাতায়ত আৰম্ভ হ’ব আৰু এনেকৈ পূৰ্বতকৈ অধিক হাৰত সংক্ৰমণ বৃদ্ধি পাব।’-আশ্বাসবাণীৰ লগতে মাইকেল ৰায়ানে এইদৰে ব্যক্ত কৰে শংকা।

লকডাউনক লৈ ৰাহুল গান্ধীৰ প্ৰশ্ন

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ ৰায়ানে কৰা এই মন্তব্যৰ এদিন পূৰ্বে অনুৰূপ প্ৰসংগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে এখন লেখচিত্ৰ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতত চৰকাৰে দাবী কৰা ধৰণে লকডাউন প্ৰকৃতাৰ্থত সফল হৈছেনে বুলি প্ৰশ্ন কৰিছে। 

এই লেখচিত্ৰত স্পেইন, ইটালীৰ দৰে দেশসমূহৰ সৈতে ভাৰতৰ লকডাউনক তুলনা কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যে বাকী দেশত লকডাউনৰ পিছত সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে। কিন্তু ভাৰতত প্ৰায় ৩ মাহৰ লকডাউন সত্বেও সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধিহে পাবলৈ লৈছে। যদিহে বিশেষজ্ঞসকলে আশংকা কৰা ধৰণে সংক্ৰমণৰ বিস্ফোৰণ এতিয়াও হ’বলৈ বাকী আছে তেন্তে চৰকাৰে ঘোষণা কৰা লকডাউন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে।

কেৱল ৰাহুল গান্ধীয়েই নহয়, কেন্দ্ৰ চৰকাৰৰ উপদেষ্টা সমিতিৰ চিকিৎসক ৰণদীপ গুলেৰিয়ায়ো আংশকা ব্যক্ত কৰিছে যে ভাৰতত অহা ২-৩ মাহৰ ভিতৰত সংক্ৰমণে শিখৰ অৱস্থা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও 'আনলক-১’ সন্দৰ্ভত দেশবাসীক সতৰ্ক হৈ স্বাস্থ্যবিধিসমূহ মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু দেশৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে সম্পূৰ্ণ এক বিপৰীত দৃশ্য। যাৰ ফলত অনাগত সময়ত ভাৰতত সংক্ৰমণৰ হাৰ অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

সাৱধান নহ’লেই বিপদ!

লকডাউন শিথিল কৰি ভাৰতত ইতিমধ্যে চৰকাৰে আনলক-১ ঘোষণা কৰিছে। এই আনলক-১ত প্ৰায় অধিকাংশ ক্ষেত্ৰৰ ওপৰত থকা নিষেধাজ্ঞা উঠাইল লোৱা হৈছে। বাট-পথত পুনৰ দেখা গৈছে যান-বাহনৰ সঘন আহ-যাহ। নগাৰঞ্চলত আকৌ পৰিলক্ষিত হৈছে ট্ৰেফিক জামৰ সুলভ দৃশ্য। একদৰে দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো ভিৰ লাগিবলৈ আৰম্ভ কৰিছে।

শিক্ষানুষ্ঠান, চিনেমা হ’ল আদি বন্ধ থাকিলেও বাকী যিসমূহ ক্ষেত্ৰ খুলি দিয়া হৈছে তাত চৰকাৰে কোৱা ধৰণে সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাই। অধিকাংশ লোককে মাস্ক পিন্ধা দেখা গৈছে যদিও সমান্তৰালভাৱে কোনোধৰণৰ সামাজিক দূৰত্ব অবিহনে ইজনে আনজনৰ সৈতে আড্ডাত নিমজ্জিত হৈ পৰিছে।

পূৰ্বে ১০০০-১৫০০ লোক আক্ৰান্ত হোৱাৰ বাতৰি পাওতেই যিদৰে সৰ্বসাধাৰণ আতংকিত হৈ পৰিছিল এতিয়া আক্ৰান্তৰ সংখ্যাই দৈনিক ১০ হাজাৰ স্পৰ্শ কৰিলেও কাৰোৰে মুখত নাই আৰম্ভণিৰ দৰে ভয় আৰু শংকা। জীৱিকা হেৰুওৱাৰ ভয়ৰ সমুখত সম্প্ৰতি তেনেই তুচ্ছ হৈ পৰিছে কৰ’না ভাইৰাছৰ প্ৰতি মাৰ্চ-এপ্ৰিল মাহত দেশবাসীৰ মনত জাগি উঠা ভয়ভাৱ। ফলত নিতৌ নতুন নতুন লোক আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ লগতে ভাৰতৰ স্বাস্থ্য বিশেষজ্ঞসকলেও সেয়ে বৰ্তমানৰ সময়ছোৱা অধিক তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। অৱশ্যে এই সময়ছোৱাত চৰকাৰেও জনসাধাৰণক সজাগ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিপৰীতে প্ৰায় ৩ মাহৰ লকডাউনত শাৰীৰিক আৰু মানসিকভাৱে বিধ্বস্ত হৈ পৰা কোটি কোটি লোকে লকডাউন প্ৰত্যাহাৰ কৰাৰ খবৰ পায়েই কৰ’নাৰ প্ৰতি থকা ভয়-শংকা পাহৰি স্বাভাৱিক জীৱন আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে। এনেকৈ এতিয়া এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে কোটি কোটি ভাৰতীয়!