কৰ’নাক লৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি। বিদেশৰ পৰা অহা ভাৰতীয়সকলক দেশৰ বিভিন্ন হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। কোৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে। কিন্তু কেনেদৰে কোৱাৰেণ্টাইনত ৰখা হৈছে এইসকল লোকক? ভিন্নজনে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে নিজৰ অভিজ্ঞতা। বহুতেই নাম আৰু সম্পূৰ্ণ পৰিচয় প্ৰকাশ নকৰাৰ চৰ্তত জনাইছে দুৰ্বিসহ অভিজ্ঞতাৰ কথা। এনে এজন ছাত্ৰৰ ঘৰ নয়ডাত। আমেৰিকাৰ পৰা উভতিছে দেশলৈ। তেওঁক কালিলৈকে ৰখা হৈছিল নয়ডাৰ এখন হাস্পতালত। তলত ‘কৰ’না ডায়েৰী’ৰ সৈতে সন্নিবিষ্ট কৰা হাস্পতালৰ বাথৰুমৰ ফটোখন উক্ত ছাত্ৰজনেই সংগ্ৰহ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে। আহকচোন ছাত্ৰজনৰ কৰ’না ডায়েৰীৰ মাজলৈ যাও…
“যোৱা বছৰৰ শেষৰফালে বষ্টনলৈ গৈছিলো৷ স্নাতক ডিগ্রী ল’বলৈ৷ ঘৰৰ সকলো মানুহ সুখী৷ মই আমেৰিকালৈ পঢ়িবলৈ যোৱাত দেউতা ভীষণ সুখী হৈছিল৷ বৰ্তমান মই ভাৰতৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছো৷ এইখন এখন নয়দাৰ চৰকাৰী চিকিৎসালয়৷ ইয়াত ক’ৰনা ভাইৰাছৰ পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ আছো৷