কৰ'নাক লৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি। বিদেশৰ পৰা অহা ভাৰতীয়সকলক দেশৰ বিভিন্ন হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। কোৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে। কিন্তু কেনেদৰে কোৱাৰেণ্টাইনত ৰখা হৈছে এইসকল লোকক? ভিন্নজনে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে নিজৰ অভিজ্ঞতা। বহুতেই নাম আৰু সম্পূৰ্ণ পৰিচয় প্ৰকাশ নকৰাৰ চৰ্তত জনাইছে দুৰ্বিসহ অভিজ্ঞতাৰ কথা। এনে এজন ছাত্ৰৰ ঘৰ নয়ডাত। আমেৰিকাৰ পৰা উভতিছে দেশলৈ। তেওঁক কালিলৈকে ৰখা হৈছিল নয়ডাৰ এখন হাস্পতালত। তলত 'কৰ'না ডায়েৰী'ৰ সৈতে সন্নিবিষ্ট কৰা হাস্পতালৰ বাথৰুমৰ ফটোখন উক্ত ছাত্ৰজনেই সংগ্ৰহ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে। আহকচোন ছাত্ৰজনৰ কৰ'না ডায়েৰীৰ মাজলৈ যাও...

"যোৱা বছৰৰ শেষৰফালে বষ্টনলৈ গৈছিলো৷ স্নাতক ডিগ্রী ল’বলৈ৷ ঘৰৰ সকলো মানুহ সুখী৷ মই আমেৰিকালৈ পঢ়িবলৈ যোৱাত দেউতা ভীষণ সুখী হৈছিল৷ বৰ্তমান মই ভাৰতৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছো৷ এইখন এখন নয়দাৰ চৰকাৰী চিকিৎসালয়৷ ইয়াত ক’ৰনা ভাইৰাছৰ পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ আছো৷ 

বষ্টনৰ যিখন কলেজত পঢ়ি আছো তাত বহু বিদেশৰ ছাত্ৰ আছে৷ ক’লা আৰু বগাতকৈয়ো বহুত৷ তাতেই বেছিভাগ চীনৰ৷ আমেৰিকাত ভাৰততকৈ আগত ক’ৰনা ভাইৰাছকলৈ ভয়ৰ পৰিৱেশ সৃষ্টি হৈছিল৷ মানুহ মৰিবলৈ লোৱাৰ খবৰ পাই ঘৰৰ মানুহ চিন্তিত হৈ পৰিল৷ সকলোৱে ঘৰলৈ উভতি আহিবলৈ কৈ আছিল যদিও কলেজৰ পাঠদান চলি আছিল৷ ১০ মাৰ্চত কলেজৰ সকলো ক্লাছ অনলাইন কৰা হ’ল৷ ১২ মাৰ্চত হোষ্টেল খালী কৰিবলৈ মেইল আহিল৷ যেতিয়া আমি থকা চহৰখনত মৃত্যুৰ ঘটনা বৃদ্ধি হ’বলৈ ধৰিলে তেতিয়া চিকিৎসকে অনলাইনযোগে ৰোগীক চাবলৈ আৰম্ভ কৰিলে৷ চৰ্দী আৰু জ্বৰহে? চিকিৎসকক ভিডিঅ’ কল কৰিলেই হয়৷ আমি থকা চহৰখনৰ প্ৰথমজন ক’ৰনা আক্ৰান্ত আছিল আমাৰ কলেজৰেই ছাত্ৰ৷ সেই ছাত্ৰজন বিমান বন্দৰৰ পৰা কলেজলৈ নাহিল৷ পোনে পোনে তেওঁক চিকিৎসালয়লৈ নিয়া হ’ল৷ 

অনলাইন ক্লাছ সকলোৱে বুজি পোৱা নাই৷ বেছিখিনি ছাত্ৰৰ বাবে এয়া এক নতুন অভিজ্ঞতা৷ যাৰ বাবে আমাৰ কলেজৰ সকলো ছাত্ৰই এখন আবেদনত স্বাক্ষৰ কৰিছো৷ আমাৰ চেমিষ্টাৰৰ ছাত্ৰসকলক পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া হওক নাইবা সকলোকে ফেইল কৰি দিয়া হওক৷ ভাল আৰু বেয়া গ্ৰেড কোনোৱে যাতে নাপায়৷ 

১৫ মাৰ্চত মই ভাৰতত উপস্থিত হোৱাৰ সময়ত মোৰ কোনো চৰ্দী নাইবা জ্বৰ হৈ থকা নাছিল৷ বিমান বন্দৰত মই স্বাস্থ্য সম্পৰ্কীয় ঘোষণা পত্ৰ (Heath declearatin form) পূৰণ কৰিলো৷ মোক কোৱা হৈছে যে ২ সপ্তাহৰ বাবে ঘৰৰ সকলোৰে পৰা আতৰি সুকীয়াকৈ থাকিব লাগিব৷ দুদিন পিছত মই জ্বৰত আক্ৰান্ত হ’লো৷ ১৯ মাৰ্চত মই টেষ্ট কৰিবলৈ চিকিৎসালয়লৈ আহিলো৷ চিকিৎসালয়ত মোক কলে যে তোমাক এতিয়া ঘৰলৈ পঠিয়াব নোৱাৰো৷ চৰকাৰী আইছ’লেশ্যন চেণ্টাৰত ৰখা হ’ব৷ এক ঘণ্টা সময় বাহিৰত বহুৱাই ৰাখিলে৷ বহুতৰ মাজতে মোক বহুৱাই ৰাখিলে৷ যিসকলে চিকিৎসালয়ত পৰীক্ষা কৰিবলৈ আহিছে তেওঁলোককো একলগে বহুৱাই ৰাখিছে৷ তাৰ ভিতৰত কোনোবাজনৰ পজিটিভো ধৰা পৰিব পাৰে৷

যিটো আইছ’লেশ্যন চেণ্টাৰ আছে তালৈ নিলে এগৰাকী সুস্থ মানুহো বেমাৰী হৈ পৰাতো খাটাং৷ বাথৰুমত পাণ খাই পিক পেলাই থৈছে আৰু খিৰকি-দৰ্জা ভৰি আছে মকৰাৰ জালেৰে৷ সকলোৱে লগলাগি অভিযোগ দাখিল কৰিলো৷ তেতিয়া আমাক অন্য ঠাইলৈ নিয়া হ’ল৷ এতিয়া মোৰ স্বাস্থ্য আগতকৈ বহু ভাল৷ এতিয়ালৈ মোৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল অহা নাই৷ কিন্তু এতিয়াৰ পৰাই কিবা অদ্ভূত, অদ্ভূত লাগিছে৷ ঘৰলৈ মনত পৰিছে৷ দেউতালৈ বেছিকৈ মনত পৰিছে৷ সেই সকলোবোৰ কথা মনত পৰিছে যিবোৰ কাম মই দুদিন আগলৈ কৰি আছিলো৷ যিসমূহ সাধাৰণ যেন লাগি আছিল৷   

ফোনত ভালকৈ নেটৱৰ্ক পোৱা নাই৷ মনে মনে কেৱল মোবাইলৰ স্ক্ৰীণখন চাই আছো, কিবাকিবি লিখিছো। কৰ'না ধৰা নপৰিলে ইয়াৰ পৰা ওলাব পাৰিলেই কথাখিনি কোনো মিডিয়া হাউছলৈ ছেণ্ড কৰিম৷ যোৱা নিশা এনে লাগিছে যেন মই এখন থ্ৰিলাৰ উপন্যাস পঢ়ি আছো৷ মোৰ জীৱনৰ এই সময়খিনি সঁচা যেন লাগি থকা নাই৷ অথচ এয়াই সত্য৷ বাহিৰত বা কি কি হৈ আছে ‘নো আইডিয়া’৷ বহুত কিবাকিবি নতুন হৈ আছে চাগে৷ কিন্তু এই নতুনত্ব ‘ভাল’ নে ‘বেয়া’ আইডিয়া কৰিব পৰা নাই৷ এতিয়া ভাবিছো ক’ৰনা ভাইৰাছেই সঁচা, বাকী সকলো মিছা৷ সময়বোৰ বেলেগ যেন লাগিছে৷ হাস্পতালত নতুন নতুন লোকৰ সৈতে বন্ধু গঢ়িব পাৰি৷ কিন্তু অইনৰ ওচৰলৈ যাবলৈ ভয় লাগে৷ বাকীবোৰেও হয়তো মোৰ ওচৰলৈ আহিবলৈ ভয় কৰিছে...!"