সমগ্ৰ দেশৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে পালন কৰা হৈছে জনতাৰ কাৰ্ফিউ। যোৱা ১৯ মাৰ্চৰ নিশা ৮ বজাত এক ভাষণযোগে এই ৰোগৰ পৰা বাছি থকাৰ উপায়সমূহ অৱগত কৰাৰ লগতে আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ স্বতঃস্ফূৰ্ত কাৰ্ফিউ পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল।
ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াযোগে এটি মেছেজ ভাইৰেল হৈ পৰে। এই ভাইৰেল মেছেজটোত কোৱা হৈছে যে কৰ’না ভাইৰাছৰ জীৱনকাল যিকোনো নিৰ্জীৱ পদাৰ্থৰ ওপৰত অতি বেছি ১২ ঘণ্টা। সেয়ে ১৪ ঘণ্টা ‘জনতা কাৰ্ফিউ’ পালন কৰিলে ইয়াৰ সংক্ৰমণৰ শৃংখল বা ছেইনডাল ভাঙি যাব। এই মেছেজটো #JantaCurfew হেছটেগেৰে হিন্দী, ইংৰাজী, বাংলা, তামিল, তেলেগু, গুজৰাটী, পঞ্জাৱী, বাংলাত অনুবাদ কৰি শ্বেয়াৰ কৰিছে অসংখ্যজনে।