গুৱাহাটী/গোৱালপাৰাঃ দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত ভাগ লৈ আহি অসমত ভৰি থৈ এদিন পিছতে কৰ’নাৰ টেষ্টৰ বাবে নিজেই চিকিৎসালয়লৈ গৈছিল খবিৰ আহেমেদে। তেওঁৰ লগত তবলীগলৈ যোৱা আন ৬জন লোকেও নিজেই গৈছিল চিকিৎসালয়লৈ। তাৰ পিছতে তেওঁলোকক কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। NNOৰ আগত ফোনযোগে এইদৰে কয় কৰ’না পজিটিভ ধৰা পৰা খবিৰে।

গোৱালপাৰা নগৰৰ ১৪ নং ৱাৰ্ডৰ কিচমতপুৰৰ বাসিন্দা খবিৰ আহমেদ। ২০ মাৰ্চৰ পুৱাৰ ভাগত বাকী ৬জনৰ সৈতে একেলগে গোৱালপাৰা আহি পাইছিল তেওঁ। 'সেইদিনা আছিল শুকুৰবাৰ। আমি গোৱালপাৰা পায়েই প্ৰথমে মাৰ্কাজলৈ যাও। ট্ৰেইনত জাৰ্ণি কৰি অহা বাবে আমি তাতে ভালকৈ গা-পা ধুই লও। গা ধুই উঠি শুকুৰবৰীয়া জুম্মাৰ নামাজ পঢ়িছো। খোৱ-লোৱা কৰি আমি আমাৰ গাঁৱৰ মছজিদলৈ যাও।’-খবিৰে কয়।

খবিৰে জনোৱা মতে তেওঁলোকে ৪০ দিনীয়া তবলীগত দিল্লীলৈ গৈছিলে। সেয়ে নিয়ম অনুযায়ী ৪০ দিনটো সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছিল। কিন্তু  ট্ৰেইনৰ টিকটৰ কনফাৰ্মৰ বাবে আগতীয়াকৈ আহিবলগীয়া হোৱাত ৩ দিন বাদ পৰি যায়। বাদ পৰি যোৱা ৩টা দিন সম্পূৰ্ণ কৰিবৰ বাবে ৭জনীয়া দলটোৱে গাঁৱৰ মছজিদতে কটায় ৪০ দিন পূৰণ কৰিবলৈ ঠিৰাং কৰে।

'আমি ২০ তাৰিখে দুপৰীয়াৰ ভাগত মাৰ্কাজৰ পৰা আহি গাঁৱৰ মছজিদ পালো। ৪০ দিনৰ ৩ দিন বাকী থকাত সেয়া পূৰণ কৰিবলৈ ইয়াতে থাকিবলৈ আমি ডিচিছন লৈছিলো। মছজিদত আহি আমি এখন নটিছ পালো যে বাহিৰৰ ৰাজ্যৰ পৰা ঘূৰি অহা মানুহবোৰ হাস্পতালত যাব লাগে। কথাটো ডিটেইলছত জানি লৈ আমি পিছদিনাখন ২১ তাৰিখে চিভিল হাস্পতাললৈ যাও আৰু তাতে মেডিকেল কৰো।’-খবিৰে কয়।

তেওঁ আৰু কয়, 'ডাক্তৰে মেডিকেল কৰি আমাক ১৪ দিন ঘৰতে থাকিবলৈ ক’লে। আমি চিভিলৰ পৰা আকৌ মছজিদলৈ গ’লো। আমাৰ তবলীগৰ ৪০ দিনৰ সময় শেষ হৈছিল ২৩ তাৰিখৰ সন্ধিয়া। তেতিয়ালৈ আমি মছজিদতে ডাক্তৰে কোৱা মতে এক্সট্ৰাকৈ আছো গোটেইকেইজনে। হাত-চাত ধুই আছো ভালকৈ। তাৰ পিছত আমি ঘৰে ঘৰে গুচি গ’লো।’

তাৰ পিছত কি হ’ল?

কৰ’না পজিটিভ ধৰা পৰা গোৱালপাৰাৰ খবিৰ আহমেদে আমাক জনোৱা মতে দিল্লীলৈ ৪০ দিনীয়া তবলীগৰ বাবে গৈ সেয়া সম্পূৰ্ণ কৰিব নোৱৰাত বাকী থকা ৩ দিন গাঁৱৰ মছজিদতে সম্পূৰ্ণ কৰি ২৩ মাৰ্চৰ নিশা স্বগৃহত উপস্থিত হয় তেওঁলোক। ২২ মাৰ্চত মছজিদতে 'জনতাৰ কাৰ্ফিউ’ পালন কৰি ২৩ মাৰ্চৰ নিশা ঘৰ পোৱাৰ এদিন পিছতে অৰ্থাৎ ২৪ মাৰ্চৰ নিশা ৮ বজাত সমগ্ৰ দেশবাসীৰ লগতে তেওঁলোকেও বাতৰিযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'লকডাউন’ ঘোষণা কৰাৰ খবৰ লাভ কৰে।

'ঘৰ পোৱাৰ পিছত লকডাউনেই হ’ল। আমি ঘৰতে ১০ দিন আৱদ্ধ হৈ থাকিলো। ডাক্তৰে কোৱা ধৰণে আমি কোৱাৰেণ্টাইন হৈ থাকিলো। ১০ দিন থকাৰ পিছত ৩১ তাৰিখে মোক আৰু ৩জনক আকৌ ঘৰৰ পৰা উঠাই আনিলে। আমাক ময়লা পথাৰৰ এখন মেডিকেলত নি ৰাখে আৰু টেষ্টৰ বাবে ডিঙিৰ পৰা কিবা লৈ যায়।’-খবিৰে কয়।

এম্বুলেন্সৰ ড্ৰাইভাৰে দিলে কৰ’না পজিটিভৰ খবৰ 

৩১ মাৰ্চত নিশা ঘৰৰ পৰা খবিৰ আহমেদক লৈ অহা হৈছিল ময়লা পথাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ। সেইদিনা নিশা প্ৰায় ১১ বজাত টেষ্টৰ বাবে তেওঁৰ লগতে বাকীকেইজনৰ পৰাও সংগ্ৰহ কৰা হয় নমুনা। পৰীক্ষাৰ পিছতে ৰিপৰ্টৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰতে আটাইকেইজনে অপেক্ষা কৰিছিল পিছদিনালৈ। অৱশেষত ১ এপ্ৰিলৰ নিশা এজন বন্ধুৱে ফোনযোগে জনাইছিল সেই খবৰ।

'১ তাৰিখে ৰাতি মোক বন্ধু এজনে ফোন কৰি ক’লে যে হিমন্তই টুইটাৰ নে কিবা এটাত গোৱালপাৰাৰ ৩টাৰ পজিটিভ অহা বুলি দিছে। খবৰটো পাই আমি সকলোৱে ভয় নকৰি বেডিং বান্ধিবলৈ আৰম্ভ কৰিছিলো। কাৰণ আমি গম পাইছিলো যে পজিটিভ ওলাইছে যেতিয়া আমাক চিভিললৈ নিবলৈ আহিবই। গতিকে আগতীয়াকৈ ৰেডি হৈ থকাই ভাল হ’ব। সেয়ে আমি ৰেডি হৈ আছিলো।’-খবিৰে কয়।

বেডিং-পত্ৰ বান্ধি ৰেডি কৰি শেষ হোৱাৰ কিছু সময় পিছতে কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিল গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স। সেই এম্বুলেন্সৰ ড্ৰাইভাৰজনেই কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইজনৰ পজিটিভ হোৱা কেইজনৰ নাম জনাইছিল আৰু এম্বুলেন্সত উঠিবলৈ কৈছিল।

'আমি ৰেডি হৈ লোৱালৈকে এম্বুলেন্স আহি পাইছিল। ড্ৰাইভাৰজনে আমাৰ ৩টাৰ নাম ক’লে। তাৰ পিছত আমাক এম্বুলেন্সত উঠাই চিভিললৈ লৈ আহি এটা এক্সট্ৰা ৰুমত ৰাখিলে। এতিয়ালৈকে আমি ৰিপ’ৰ্টটো দেখা নাই। ডাক্তৰেও আমাক ৰিপ’ৰ্ট দিয়া নাই। এম্বুলেন্সৰ ড্ৰাইভাৰ যেতিয়া মেডিকেলৰে মানুহ। মেডিকেলৰ মানুহে কৈছে যেতিয়া ৰিপ’ৰ্ট নেদেখিলেও আমি বিশ্বাস কৰিছো যে আমাৰ কৰ’না হৈছে। কিন্তু আমাৰ গাতো হ’লে অকণো বেয়া লাগি থকা নাই। জ্বৰ-ছৰ্দিও নাই।’-মাজে মাজে তেওঁৰ প্ৰায়ে অলপ-অচৰপ কাঁহ হৈয়েই থাকে বুলি জানিবলৈ দি এইদৰে কয় খবিৰে। 

গোৱালপাৰা অসামাৰিক চিকিৎসালয়ত ভাল কোঠা এটাত তেওঁলোক ৩জনকে ভালদৰে ৰখা হৈছে বুলিও কৰ’নাত আক্ৰান্ত খবিৰে NNOক জনাইছে। 'আমাক ভাল কোঠা এটাত ৰাখিছে। ডাক্তৰবোৰে আমাক ভালকৈ ব্যৱহাৰ কৰিছে। ডিছটেন্স ৰাখি আমাক কথাবোৰ সুধিছে। এনেইতো আমাৰ ৩টাৰে বিশেষ প্ৰব্লেম নাই। তথাপি এই একমাহমান বাহিৰতে থকা হল। খোৱা-বোৱা বেলেগ হ’ল, লেট্ৰিনটো অলপ টান হৈছো। মোৰ অলপ-চলপ কাহ বছৰ বছৰ ধৰি থাকেই। সেইটোও কৈছো। ডাক্তৰে দুপৰীয়ালৈকে মেডিচিন দিব চাগৈ।’-কৰ’নাক্ৰান্ত খবিৰৰ ভাষ্য।

দিল্লীলৈ কেতিয়া গৈছিল গোৱালপাৰাৰ ৩ কৰ’না আক্ৰান্ত?

খবিৰ আহমেদে জনোৱা মতে ৪০ দিনীয়া তবলীগত ভাগ লোৱাৰ উদ্দেশ্য ১৩ ফেব্ৰুৱাৰীত গোৱালপাৰাৰ পৰা ৰেলযোগে দিল্লীলৈ যাত্ৰা কৰিছিল ৭জনীয়া এটা দলে। 'আমি ১৩ তাৰিখে গ’লো আৰু ১৫ তাৰিখে ৰাতি ১১.৫৫ বজাত আমি গৈ পাইছো। তাৰ পিছত আমি নিজামুদ্দিন মাৰ্কাজলৈ গ’লো। ওলাই আহি হোটেলত ভাত খাইছো। ভাত খাই ৰাতিটো নিজামুদ্দিন মাৰ্কাজতে আছিলো।’-খবিৰে কয়।

নিশাটো মাৰ্কাজত কটাই পিছদিনা পুৱা তেওঁলোকে ইন্দিৰা গান্ধী আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমীপৰ নেহেৰুলিৰ ইজ্ৰাইল কেম্পলৈ যায়। তাতেই এটা মছজিদত আশ্ৰয় গ্ৰহণ কৰি তেওঁলোকে দিনত কলিমাৰ দাৱাত দিবলৈ ওলাই গৈছিল আৰু ৰাতি আহি খোৱা-বোৱা কৰি শুইছিল। এইখিনি সময়ত কোনো বিদেশী লোকৰ সস্পৰ্শলৈ অহা নাছিল বুলিও জনাইছে খবিৰে। এনেদৰে ১৮ মাৰ্চত ট্ৰেইনৰ টিকটৰ বাবে তবলীগ জামাত সম্পূৰ্ণ নকৰাকৈ তেওঁলোকে পুনৰ ঘৰমুৱা হয়।

'১৮ তাৰিখে আমি ট্ৰেইনত উঠিছো। ট্ৰেইনত উঠাৰ আগদিনা ১৭ তাৰিখে আমি আকৌ নিজামুদ্দিনলৈ আহিছিলো। সেইদিনা ৰাতি তাতে থাকি পুৱাই ষ্টেচনলৈ আহিছিলো। দিল্লীত আমি টোটেল থাৰ্টি ফাইভ ডেইজ মান আছিলো। এইকেইদিনৰ মাত্ৰ দুদিনহে অৰ্থাৎ গৈ পোৱাৰ দিনা আৰু আহি পোৱাৰ দিনা আমি নিজামুদ্দিন মাৰ্কাজত আছিলো। বাকী গোটেই কেইদিন আছিলো নেহেৰুলিৰ ইজ্ৰাইল কেম্পত।’-সবিশেষ জনাই খবিৰে কয়।
 
পুনৰ পৰীক্ষা কৰাৰ দাবী

কেৱল এম্বুলেন্সৰ ড্ৰাইভাৰৰ জৰিয়তে পোৱা ৰিপ’ৰ্ট মানি ল’লেও সেয়া এতিয়ালৈকে নিজৰ হাতত নপৰাত বা চিকিৎসকেও ৰিপ’ৰ্ট নেদেখুৱাত বিষয়টোক সহজভাৱে ল’ব পৰা নাই কৰ’না আক্ৰান্ত ৰোগীকেইজনে। এই সন্দৰ্ভত খবিৰে কয় যে দিল্লীৰ পৰা আহি অসম পোৱা যিহেতু ১৪ দিন হৈ গৈছে আৰু এতিয়ালৈকে তেওঁলোক এজনৰো গাত কোনো লক্ষণ দেখা দিয়া নাই গতিকে পুনৰ পৰীক্ষা কৰি সেই ৰিপ’ৰ্ট চৰকাৰে ৰাজহুৱা কৰা উচিত।

'শুনিছো আমাৰ নামবোৰ ৰাইজক জনাই দিছে চৰকাৰে। এইটো আমি খুব ভাল পাইছো। বাকী মনুহবোৰো সাৱধান হ’ব পাৰিব। কিন্তু নামবোৰ ৰাজহুৱা কৰাৰ দৰেকৈ সেইদিনা লগে লগে ৰিপ’ৰ্টবোৰ কিয় ৰাজহুৱা কৰি নিদিলে? ৰাজহুৱা নকৰিলে ঠিকে আছে বাৰু কিন্তু আমাক কিয় দেখুওৱা নাই? আমাৰ গা কমপ্লিটলি নৰ্মেল অৱস্থাত আছে বৰ্তমান। পিছত কি হয় গম নাপাও। গতিকে আমি চৰকাৰক, স্বাস্থ্যমন্ত্ৰী হিমন্তক আকৌ অনুৰোধ কৰিছো যে আমাৰ আকৌ টেষ্টৰ ব্যৱস্থা কৰক আৰু সেই ৰিপ’ৰ্ট আমাক দিয়ক।’-পুনৰ কৰ’না টেষ্ট কৰিবলৈ দাবী জনাই এইদৰে কয় গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আইছ’লেশ্যন ৱাৰ্ডত থকা খবিৰে।

উল্লেখ্য যে, যোৰহাটত কিছুদিন পূৰ্বে এগৰাকী ৪ বছৰীয়া শিশুৰ দেহত কৰ’না ধৰা পৰা বুলি বাতৰি প্ৰকাশ পাইছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা টেষ্টত কৰ’না ধৰা পৰাৰ পিছত সেয়া পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল লাহোৱালস্থিত আইএমচিআৰৰ লেবলৈ। সংবাদ মাধ্যমত যোৰহাট মেডিকেল কলেজৰ ৰিপ’ৰ্টৰ ভিত্তিত পজিটিভ ধৰা পৰাৰ বাতৰি প্ৰকাশ পাইছিল যদিও তেতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে প্ৰথমটো পৰীক্ষাতে সঠিককৈ ক’ব পৰা নাযায়, দ্বিতীয় পৰীক্ষাৰ পিছতহে চূড়ান্ত কৰিব পৰা যাব।

ইয়াৰ পিছত পিছদিনা পুৱাই লাহোৱালৰ আইএমচিআৰৰ ৰিপ’ৰ্টত সেয়া নিগেটিভ ওলাইছিল আৰু নিগেটিভ ওলোৱা ৰিপ’ৰ্টসহ স্বাস্থ্যমন্ত্ৰীয়ে টুইট কৰাৰ লগতে সংবাদ মাধ্যমৰ লোকসকলকো সেই ৰিপ’ৰ্ট প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পজিটিভ ধৰা পৰা আটাইকেইজন লোকৰে ৰিপ’ৰ্ট এই বাতৰি যুগুতোৱা পৰ্যন্ত আক্ৰান্ত লোকসকলক বা সংবাদ মাধ্যমকো দিয়া হোৱা নাই। আনকি যোৰহাটৰ ঘটনাটোৰ দৰেকৈ দুবাৰৰ টেষ্টৰ পিছত কৰ’না পজিটিভ বুলি নিশ্চিত কৰা হৈছে নে এবাৰতে নিশ্চিত কৰা হৈছে সেয়াও জনোৱা নাই স্বাস্থ্য বিভাগে। এনে পৰিপ্ৰেক্ষিতত সন্দিহান হৈ চৰকাৰক পুনৰ টেষ্টৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে গোৱালপাৰাৰ আইছ’লেশ্যন ৱাৰ্ডত থকা ৩ কৰ’নাক্ৰান্তই।

কোৱাৰেণ্টাইন চেণ্টাৰত কেনেদৰে আছে লোকসকল?

গোৱালাপাৰাৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কৰ’নাক্ৰান্ত খবিৰ আহমেদৰ জোৱায়েকৰ পিতৃয়ে NNOৰ গোৱালপাৰাস্থিত সাংবাদিকৰ আগত জনোৱা মতে বৰ্তমান তেওঁলোকক ভালদৰেই ৰখা হৈছে। অৱশ্যে শিশু থকা বাবে অলপ সমস্যাৰ সন্মুখীন হোৱা বুলিও জনাই লোকজনে। 'আমি নিজেই আহিছো। ইয়াতে খবিৰ আহমেদৰ ৰিলেটিভৰ লগতে বাকী দুজনৰ ৰিলেটিভৰ মানুহ মিলি ৪০জন মান মানুহ আছে। বিছনা-পত্ৰৰ ভাল ব্যৱস্থা আছে। খোৱা-বোৱা দিছে। কিন্তু চাবোন-ছেনিটাইজাৰ আদি দিয়া নাই। আমি নিজেই আনি হাত ধুই আছো। বাথৰুমৰ অৱস্থা অলপ বেয়া হৈ আছে।’-লোকজনে কয়। 

এতিয়ালৈকে কোৱাৰেণ্টাইন চেণ্টাৰত থকাসকলৰ মাত্ৰ ৩জনৰহে কৰ’না টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰিছে বুলিও লোকজনে জানিবলৈ দিয়ে। '৩জনৰ চেম্পল লৈ গৈছে। আমাকো ডাক্তৰে চাইছিল আৰু গা-পা ঠিকে থকাত এতিয়াই টেষ্ট নকৰিলেও হ’ব বুলি কয়। যদি এই ৩জনৰো পজিটিভ ওলাই তেন্তে আমাৰো কৰিব বুলি কৈছে।’-লোকজনে কয়।

তেওঁ আৰু কয় যে কোৱাৰেণ্টাইনত থকাক লৈ কোনো সমস্যা নাই। কিন্তু ঘৰৰ সকলো আহিব লগা হোৱাত অলপ চিন্তা হৈছে। 'আমাৰ ঘৰৰ সকলো আহিছো। সব লৰালৰি হ’ল। টাইমেই নাপালো। ঘৰত বস্তু যেনেকে-তেনেকে থাকি গ’ল। কালি শুনিছো লকডাউন চলি থাকোতে আমাৰ পৰা অলপ দূৰৈত মানুহ এঘৰত চোৰ সোমাইছে। আমাৰ ঘৰতো চোৰ সোমাই বুলি চিন্তা হৈছে। ইয়াত আমাক এনেকৈ ৰখাতকৈ আমাক ঘৰতে থাকিবলৈ দি ঘৰতো ছীল কৰি দিলেই ভাল হয়। ইয়াত বেছিদিন থাকিলেহে চাগে আমাৰ বেমাৰ হ’ব।’-খবিৰ আহমেদৰ কৰ’না হোৱাৰ খবৰ পাই নিজেই চিকিৎসকৰ ওচৰলৈ আহিছিল বুলি সদৰী কৰি এইদৰে কয় খবিৰ আহমেদৰ জোৱায়েকৰ পিতৃয়ে।